Local, Vocal, Global

চাকৰি প্ৰদানৰ অজুহাতত মহিলাক শাৰিৰীক আক্ৰমণ কৰা এটা ধৃত প্ৰবঞ্চক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১৪ জুলাই : বুধবাৰে মহানগৰৰ বশিষ্ট আৰক্ষীয়ে চাকৰি প্ৰদানৰ অজুহাতত মহিলাক শাৰিৰীক আক্ৰমণ কৰা এটা ধৃত প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰে ।

প্ৰবঞ্চকজনৰ অত্যাচাৰৰ বলি হোৱা এগৰাকী মহিলাৰ দ্বাৰা দাখিল কৰা এজাহাৰৰ ভিত্তিত বশিষ্ট আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চকজনক লখি প্ৰসাদ তেলী বুলি চিনাক্ত কৰা হৈছে।

এজাহাৰ অনুসৰি, মহিলাসকলক চাকৰি প্ৰদান কৰাৰ নামত, প্ৰৱঞ্চকজনে তেওঁলোকক এটা কোঠালৈ লৈ গৈ শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল বুলি অভিযোগ কৰা হৈছে।

খবৰ অনুসৰি, প্ৰৱঞ্চকজনে বহুতো আগতেও মহিলাক প্ৰতাৰিত কৰিছিল আৰু তেওঁলোকক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল।

তেলী পূৰ্বতে গৃহৰক্ষী হিচাপে নিযুক্ত আছিল।