Local, Vocal, Global

চৌডি আৰবৰ +966… নম্বৰৰ পৰা ফোন আহিছে নেকি, সাৱধান!

বিগত কেইদিনমানৰ ভিতৰত ৰাজ্যৰ বৃহৎসংখ্যক লোকৰ ম’বাইললৈ আহিছে ৰহস্যজনক মিছড কল। বিশেষকৈ চৌডি আৰবৰ +966 কোডেৰে আৰম্ভ হোৱা নম্বৰৰ পৰা আহিছে এনে মিছড কলসমূহ। কেতিয়াবা এবাৰ ৰিং কৰিয়েই কাটি যায় এনে নম্বৰৰ পৰা অহা ৰহস্যজনক কল। আনহাতে বহুতৰে ম’বাইলত বাৰম্বাৰ চৌডি আৰবৰ কোড নম্বৰেৰে আৰম্ভ হোৱা নম্বৰৰ পৰা ফোন আহিছে। কোনোবাই ৰিচিভ কৰিলেও সিটো মূৰৰ পৰা কোনো কথা-বতৰা নহয়। বহুতেই তেনে নম্বৰত কল বেক কৰাৰ চেষ্টা চলাইছে যদিও যোগাযোগত সফল হোৱা নাই। কিন্তু প্ৰশ্ন হ’ল হঠাতে ৰাজ্যৰ বৃহৎ সংখ্যক ম’বাইল ব্যৱহাৰকাৰীৰ ম’বাইললৈ কিয় এনেদৰে চৌডি আৰবৰ নম্বৰৰ পৰা ফোন অহা আৰম্ভ কৰিছে?

অনুসন্ধান চলাই জানিব পৰা গৈছে যে পূৰ্বতে দেশৰ আন ঠাইত সংঘটিত হৈছিল অনুৰূপ ঘটনা। এই কাণ্ডক ৱান ৰিং ফোন স্কেম আখ্যা দিয়া হৈছিল। যিসকল লোকলৈ পূৰ্বতে চৌডি আৰবৰ +966যুক্ত নম্বৰৰ পৰা মিছড কল বা কল আহিছিল তেওঁলোক যদিহে ওলোটাই ফোন কৰে তেন্তে ব্যৱহাৰকাৰীজনৰ ম’বাইলত থকা সকলো বেলেঞ্চ মুহূৰ্ততে নোহোৱা হৈ যায়। এই সম্পৰ্কে চৰকাৰীভাৱে কোনো তথ্য জানিব পৰা নগ’লেও বহু ছাইবাৰ বিশেষজ্ঞই এই সন্দৰ্ভত সাৱধান বাণী জাৰি কৰিছে। এনেক্ষেত্ৰত +966 নম্বৰৰ পৰা ফোন আহিলে সেই ফোন ৰিচিভ নকৰাই শ্ৰেয়। কোনো কাৰণতে সেই নম্বৰলৈ আপুনিও পোন নকৰাই উচিত। ম’বাইল ফোনৰ জৰিয়তে প্ৰৱঞ্চনাৰ জাল মেলি থকা দুষ্টচক্ৰই চৌডি আৰবৰ নম্বৰেৰে জালিয়াতি কৰাৰ সন্দেহ কৰা হৈছে। পূৰ্বতে জম্মু-কাশ্মীৰত এনে ঘটনা সংঘটিত হোৱাৰ পিছত বিষয়টোক লৈ ব্যাপক চৰ্চা হৈছিল। এতিয়া অসমত ম’বাইল ফোন ব্যৱহাৰকাৰীয়ে ব্যাপক মাত্ৰাত চৌডি আৰবৰ কোডযুক্ত নম্বৰৰ পৰা ফোন কল লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে। এইক্ষেত্ৰত প্ৰৱঞ্চনাৰ বলি নহ’বলৈ তেনে নম্বৰৰ পৰা ফোন আহিলেই সাৱধান হৈ ম’বাইলত সেই নম্বৰ স্পাম হিচাপে চিহ্নিত কৰক বা ব্লক কৰি ৰাখক৷