সৰভোগত বানাক্ৰান্তৰ বুজ ললে বিধায়ক ৰঞ্জিত দাসে
ৰাজ্যৰ অন্যান্য জিলা সমূহৰ বিভিন্ন প্ৰান্তৰ দৰে সৰভোগ সমষ্টিটো বানপানী আৰু গৰাখহনীয়াই অধিক তাণ্ডৱ চলাইছে। সেয়েহে মংগলবাৰ আৰু বুধবাৰে সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে সমষ্টিটোৰ অন্তৰ্গত এলেংগামাৰী, বিছপানী, চূনবাৰী, খাগ্ৰাবাৰী, আমগুৰি আৰু কেতেকীবাৰী অঞ্চল পৰিদৰ্শন কৰি সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয়। বেঁকী নৈৰ বানপানী আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কালত জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু বিভাগীয় বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। বৰ্তমান নদীৰ পানী বাঢ়ি থকাৰ বাবে তাত কোনো ধৰণৰ যাৱতীয় কাম কৰা সম্ভৱ নহয় যদিও বিধায়ক গৰাকীৰ নিৰ্দেশত সাময়িক ভাবে সকাহ হোৱা কিছু কাম কৰা হৈছে। অনাগত সময়ত গৰাখহনীয়া কবলত পৰি সৰভোগ সমষ্টিৰ উক্ত অঞ্চলৰ ৰাইজে যাতে কষ্ট পাব লগা নহয় তাৰ বাবে দীৰ্ঘকালীন পৰিকল্পনাৰে আঁচনি যুগুত কৰি যাৱতীয় ব্যৱস্থা কৰিছে বুলি বিধায়ক দাসে জানিবলৈ দিয়ে ৷
