Local, Vocal, Global

ভয়ংকৰ খবৰ! কাল কৰ’নাৰ ভয়াৱহ কবলত ৰাজ্যত

ৰাজ্যত কৰ’নাৰ ভয়ংকৰ গণ-সংক্ৰমন

প্ৰতিদিনে আক্ৰান্ত প্ৰায় সহস্ৰাধিক 

ৰাজ্য বিভিন্ন প্ৰান্ত লকডাউনৰ পিছতো হ্ৰাস নহ’ল কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি কৰ’নাৰ সংক্ৰমণ। মঙলবাৰে ৰাজ্যত এদিন সৰ্বাধিক আক্ৰান্তৰে আক্ৰান্ত ১৬৮০ গৰাকী লোক। মহানগৰীৰ পিছত ৰাজ্যত কৰ’নাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে যোৰহাট আৰু কাছাৰত। বিগত ২৪ ঘন্টাত মহানগৰীত ৫৭০ গৰাকী আক্ৰাম্ত হোৱাৰ বিপৰীতে যোৰহাটত আক্ৰান্ত ১৬৭ গৰাকী আৰু কাছাৰত আক্ৰান্ত ১৬৭ গৰাকী ব্যক্তি। মঙলবাৰে ৰাজ্যত সুস্থ হোৱা ৰোগীৰ সংখ্যা ৯৩৮ গৰাকী।

ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত ৰোগী ২৬,৭৭২ গৰাকী। ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ১৮,০৩৩ গৰাকী। বৰ্তমান ৰাজ্যত ৮৬৭২ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। চৰকাৰী তথ্য মতে অসমত বৰ্তমানলৈ ৬৪ গৰাকী ৰোগীৰ মৃত্যুৰ হৈছে।

উল্লেখ্য যে অসমত বৰ্তমানলৈ ৬লাখ ৮৯ হাজাৰ ৩৪৩ গৰাকী লোকৰ স্বাৱ পৰীক্ষা সম্পন্ন হৈছে। ২৪ ঘন্টাত ৰাজ্যত ১৮,১৫২ গৰাকী লোকৰ স্বাৱ পৰীক্ষা সম্পন্ন কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। বিগত২৪ ঘন্টাত ৰাজ্যত আক্ৰান্তৰ হাৰ ৯.২ শতাংশ ।