Local, Vocal, Global

শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী শাখাত পুনৰ দুজন কভিড পজিটিভ চিনাক্ত

  • কৰ’নাৰ হট স্পট হিচাবে চিহ্নিত হৈছে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী শাখা।
  • শুক্ৰবাৰে পুনৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ মহিলা কৰ্মচাৰীকে ধৰি দুজনৰ শৰীৰত কভিড পজিটিভ চিনাক্ত।
  • হোটেল গ্ৰেণ্ড ছিটিত বৃহস্পতিবাৰৰ পৰা কোৱাৰেনটাইনত হৈ আছিল দুয়োজন ।
  •  ৫৫বছৰীয়া ৰীমা কোৱঁৰ আৰু ৫০বছৰীয়া দয়াল চন্দ্ৰ দাসৰ শৰীৰত ক’ৰনা পজিটিভ চিনাক্ত।
  • বৃহস্পতিবাৰে উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী তিলক পাঠক আৰু গৃহৰক্ষী জোৱান প্ৰফুল্ল নাথ ক’ৰনাত আক্ৰান্ত হৈছিল।
  • ইতিমধ্যে কৰ’না পজিটিভ হিচাবে চিনাক্ত হোৱা বুবুল ডেকাই উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী শখাত কম্পিউটাৰ মেৰামতি কৰাৰ পিছতে কৰ’না পজিটিভৰ হটস্পট হৈ পৰিছে কাৰ্য্যালয়টোৰ কৰ্মচাৰী শাখা।