Local, Vocal, Global

Sonia Gandhi on Chandrayaan 3 success : ISRO ৰ মুৰব্বী এছ সোমনাথলৈ ছোনিয়া গান্ধীৰ পত্ৰ

নেশ্যনেল ডেস্ক, ২৪আগষ্ট : ইতিহাস ৰচিলে ভাৰতে। সফল হ’ল ভাৰতৰ চন্দ্ৰ অভিযান চন্দ্ৰযান-৩। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিলে চন্দ্ৰযান-৩ । চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ লেণ্ডাৰ বিক্ৰমৰ। চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ বিশ্বৰ প্ৰথমখন দেশ হ’ল ভাৰত(chandrayaan-3 soft landing)। ভাৰতৰ মহাকাশ সংস্থা ইছৰোৰ দ্বাৰা প্ৰেৰণ কৰা চন্দ্ৰযান ৩-ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰত অৱতৰণ কৰে। ভাৰতৰ এয়া তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩। চন্দ্ৰযান-৩ ১৪ জুলাইত উৎক্ষেপণ কৰা হৈছিল। তাৰপাছতে বুধবাৰে ইয়াৰ সফল অৱতৰণ হয়। বুধবাৰে সন্ধিয়াই ৬বাজি ৪মিনিটত ভাৰতৰ মহাকাশযান চন্দ্ৰযান-৩ এ কৰিলে সফল অৱতৰণ (chandrayaan-3 soft landing)।

চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত অৱতৰণত সফল হোৱাৰ পিছত বৃহস্পতিবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক প্ৰশংসা কৰে।

উল্লেখ্য যে, ছোনিয়া গান্ধীয়ে চন্দ্ৰযান-৩ অভিযানৰ অৱতৰণৰ সফল হোৱাৰ পিছত ISRO ৰ মুৰব্বী এছ সোমনাথলৈ এখন পত্ৰ লিখে(Sonia Gandhi writes to ISRO chief on Chandrayaan 3 success) । আৰু পত্ৰখনত উল্লেখ কৰে, “বুধবাৰে সন্ধিয়া ইছৰোৰ সাফল্যৰ বাবে মই কিমান ৰোমাঞ্চিত হৈছোঁ সেয়া মই এই পত্ৰৰ দ্বাৰা আপোনাক জনাব বিচাৰিছোঁ” । এয়া ভাৰতীয়, বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে গৌৰৱ আৰু আনন্দৰ বিষয় ।”

তেওঁ লগতে কয়, “ইছৰোৰ অসাধাৰণ ক্ষমতা দশক দশক ধৰি গঢ় লৈ উঠিছে। বৰ্তমান ISRO ত কৰ্মৰত বৈজ্ঞানিকসকল পৰিপক্ক আৰু যথেষ্ট অভিজ্ঞতাৰে পৰিপূৰ্ণ । ISRO ত কৰ্মৰত বৈজ্ঞানিকসকলে সামূহিক প্ৰচেষ্টাৰ মনোভাৱেৰে ইয়াক সদায় পৰিচালিত কৰি আহিছে। ষাঠিৰ দশকৰ আৰম্ভণিৰ পৰাই ইয়াক আত্মনিৰ্ভৰশীলতাৰ ওপৰত লংঘন কৰা হৈছে যিয়ে ইয়াৰ মহান সফলতাত অৰিহণা যোগাইছে।”

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীয়ে লগতে পত্ৰখনত লিখে ,”মই ইছৰোৰ সকলো ভ্ৰাতৃক এই সফল অভিযানৰ বাবে শুভকামনা জনাইছোঁ । ইয়াৰ উপৰি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়েও এই ঐতিহাসিক কৃতিত্বৰ বাবে ইছৰোক প্ৰশংসা কৰে(Sonia Gandhi writes to ISRO chief S Somnath congratulating him for Chandrayaan 3) ।

লগতে পঢ়ক :Lalu prasad slams Modi: প্ৰধানমন্ত্ৰীৰ ভাষণক কঠোৰ সমালোচনা লালু প্ৰসাদ যাদবৰ