Parliament Special Session : সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে কংগ্ৰেছৰ সংসদীয় ৰণনীতি গোটৰ বৈঠকৰ আহ্বান ছোনিয়া গান্ধীৰ
নেশ্যনেল ডেস্ক, ৪ছেপ্টেম্বৰ : কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে আগন্তুক সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে মঙলবাৰে দলটোৰ সংসদীয় ৰণনীতি গোটৰ এখন বৈঠক আহ্বান কৰিছে(Parliament Special Session) । উল্লেখ্য যে দেওবাৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক সাধাৰণ জ্বৰৰ লক্ষণ দেখাৰ পাছতে তেওঁক দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । সোমবাৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক হাস্পতালৰ পৰা অব্যাহতি দিয়া হৈছে(Sonia Gandhi calls Congress Parliamentary Strategy group meeting on Tuesday) ।
তথ্য অনুসৰি, সংসদীয় ৰণনীতি গোটৰ বৈঠকত সংসদৰ অধিৱেশনত উত্থাপিত হ’বলগীয়া প্ৰশ্ন আৰু বিষয়সমূহ মোকাবিলা কৰাৰ বাবে দলৰ পৰিকল্পনাৰ ওপৰত আলোচনা কৰা হ’ব।
ইফালে বিশেষ সংসদীয় অধিৱেশনৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰিবলৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে I.N.D.I.A মিত্ৰজোঁটৰ সাংসদসকলৰ বৈঠকৰো আহ্বান জনায়।
কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰলহাদ যোশীয়ে বৃহস্পতিবাৰে ১৮-২২ ছেপ্টেম্বৰলৈ সংসদৰ পাঁচদিনীয়া বিশেষ অধিৱেশনৰ বিষয়ে অৱগত কৰে। অৱশ্যে বিশেষ অধিৱেশনৰ কাৰ্যসূচী এতিয়াও প্ৰকাশ কৰা নাই।
সামজিক মাধ্যম এক্স(পূৰ্বৰ টুইটাৰ )ত যোশীয়ে ২৮ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা পুৰণি সংসদ ভৱন আৰু নতুন ভৱনৰ ফটোও শ্বেয়াৰ কৰে ।
আনহাতে কেন্দ্ৰই শনিবাৰে দেশত লোকসভা আৰু ৰাজ্যিক নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা আৰু পৰামৰ্শ আগবঢ়াবলৈ ৮ জনীয়া এখন কমিটী গঠন কৰিছে।
কমিটীৰ সদস্যসকলৰ ভিতৰত প্ৰাক্তন ৰাষ্ট্ৰপতি কোবিন্দৰ উপৰিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, লোকসভাত বিৰোধী দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰী, ৰাজ্যসভাৰ প্ৰাক্তন বিৰোধী নেতা গুলাম নবী আজাদ, বিত্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ এন কে সিং, লোকসভাৰ প্ৰাক্তন মহাসচিব সুভাষ চি কাশ্যপ, জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে আৰু প্ৰাক্তন মুখ্য সতৰ্কতা আয়ুক্ত সঞ্জয় কোঠাৰী ।
যোৱা মাহত সমাপ্ত হোৱা সংসদৰ বৰ্ষাকালীন অধিবেশন পুৰণি সংসদ ভৱনত অনুষ্ঠিত হৈছিল(Sonia Gandhi to convene Congress Parliamentary strategy meeting tomorrow to plan for special Parliament session)।
চলিত বৰ্ষৰ শেষৰ ফালে পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ বাবে সাজু হোৱা দলসমূহে ৰাজনৈতিক মহলত বিশেষ অধিৱেশনৰ ঘোষণাক আচৰিত কৰি তুলিছে।
ইফালে বিশেষ অধিবেশনৰ ঘোষণাই ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
সংসদৰ শীতকালীন অধিবেশন সাধাৰণতে নৱেম্বৰৰ শেষ সপ্তাহত আৰম্ভ হয় ।