Sonia Gandhi not to contest 2024 LS polls : আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী : এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে(‘Will not contest Lok Sabha poll due to) । সামজিক মাধ্যমৰ জড়িয়তে এই কথা ঘোষণা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰীগৰাকীৰ(Sonia Gandhi’s letter to Rae Bareli) ।
সামাজিক মাধ্যমৰ এটা পোষ্টত কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী গৰাকীয়ে লিখে , “মই গৌৰৱান্বিত,আজি মই যিয়েই নহওঁক, মই সদায় আপোনাৰ বিশ্বাসক সন্মান জনোৱাৰ বাবে যথাসাধ্য চেষ্টা কৰি আহিছো । এতিয়া স্বাস্থ্য আৰু বয়সৰ সমস্যাৰ বাবে, মই পৰৱৰ্তী লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰো । এই সিদ্ধান্তৰ পিচত, মই আপোনাক পোনপটীয়াকৈ সেৱা কৰাৰ সুযোগ নাপাম কিন্তু মোৰ হৃদয় আৰু আত্মা সদায় আপোনাৰ সৈতে থাকিব (Sonia Gandhi not to contest 2024 LS polls)।”
উল্লেখ্য যে, শেহতীয়াকৈ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ আসনৰ বাবে মনোনয়ন দাখিল কৰিছে । তাৰ পিচতে ছোনিয়া গান্ধীয়ে তেওঁৰ ৰায়বৰেলী সমষ্টিৰ ভোটাৰসকলক উদ্দেশ্যি এই বাৰ্তাটো প্ৰেৰণ কৰিছে । অনুমান কৰা হৈছে যে ছোনিয়া গান্ধীৰ কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই এইবাৰ ৰায়বৰেলী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে(Sonia Gandhi drops out of Lok Sabha contention, lets go of Rae Bareli seat) ।
লগতে পঢ়ক :Supected Murder in Bilasipara : পত্নীৰ ৰহস্যজনক মৃত্যু; স্বামীয়ে আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ