Sonia Gandhi files nomination for Rajya Sabha from Rajasthan : ৰাজস্থানলৈ ৰাও কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী
নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰী : ৰাজস্থানলৈ ৰাও কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী । বুধবাৰে নিজ বাসগৃহৰ পৰা ৰাজস্থানলৈ ৰাওনা হয় অধ্যক্ষগৰাকীয়ে ।
উল্লেখ্য যে, এইবাৰ ৰাজস্থানৰ পৰা ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সাজু হৈছে ছোনিয়া গান্ধী ।
সূত্ৰ অনুসৰি, জয়পুৰত ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ সময়ত তেওঁৰ পুত্ৰ ৰাহুল গান্ধী আৰু কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেও তেওঁৰ সৈতে যাব ।
ৰাজস্থানৰ পৰা অন্তিমবাৰৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে এই বছৰৰ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব । প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীও ৰাজ্যসভাৰ সদস্য আছিল । ছোনিয়া গান্ধী উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীৰ পৰা একেৰাহে লোকসভালৈ নিৰ্বাচিত হৈছে(Sonia Gandhi reaches Jaipur to file nomination for Rajya Sabha polls from a seat previously held by Manmohan Singh) ।
ৰাজ্যসভাৰ নিৰ্বাচন ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব । ১৯৯৮ চনৰ পৰা ২০২২ চনলৈ প্ৰায় ২২ বছৰ কংগ্ৰেছৰ সভাপতি হৈ থকা ছোনিয়া গান্ধী হৈছে পাঁচবাৰৰ লোকসভাৰ সাংসদ । শেহতীয়াকৈ ছোনিয়া গান্ধীয়ে সমাগত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে বুলি চৰ্চা চলিছিল(Sonia Gandhi Reaches Jaipur To File Rajya Sabha Nomination)
চলিত বৰ্ষৰ এপ্ৰিল-মে’ত অনুষ্ঠিত হ’বলগা লোকসভা নিৰ্বাচনৰ পূৰ্বে ছোনিয়া গান্ধীৰ ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিলৰ পদক্ষেপটো আহিছে । কংগ্ৰেছে এতিয়াও ১৫ খন ৰাজ্যৰ পৰা ৫৬ খন আসনৰ বাবে দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই । আনহাতে, মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ১৫ ফেব্ৰুৱাৰী ।
লগতে পঢ়ক : Farmers’ Protest: হাৰিয়ানাৰ ৭ খন জিলাত স্থগিত মোবাইল ইণ্টাৰনেট সেৱা