স্বাস্থ্যকৰ্মীসকলক প্ৰয়োজনীয় সুবিধা প্ৰদানৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰ্মচাৰী পৰিষদৰ

স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ স্বাৰ্থত স্মাৰক পত্ৰ প্ৰদান কৰিলে চৰাইদেউ জিলা কৰ্মচাৰী পৰিষদে। সম্প্ৰতি ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্যকৰ্মীসকলে নিজ স্বাৰ্থ ত্যাগ কৰি ৰাইজৰ সেৱাত নিয়োজিত কৰিছে নিজকে। আনহাতে চৰাইদেউ জিলাতো প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ব্যক্তিৰ সংখ্যা। শেহতীয়াকৈ জিলাখনৰ দুগৰাকী স্বাস্থ্যকৰ্মীৰ দেহতো ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ। যাৰ ফলত এতিয়া শংকিত হৈ পৰিছে স্বাস্থ্যকৰ্মীসকল। ইফালে বিভিন্ন পৰ্যায়ৰ স্বাস্থ্যকৰ্মীসকলে বৰ্তমান পৰিস্থিতিত ক’ভিড ১৯ ৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰয়োজনীয় সংক্ৰমণ প্ৰতিৰোধক আহিলাসমূহ চৰাইদেউ জিলাৰ স্বাস্থ্যকৰ্মীসকলে পৰ্যাপ্ত পৰিমাণে লাভ নকৰাৰো অভিযোগ উত্থাপিত হৈছে। সেয়েহে স্বাস্থ্যকৰ্মীসকলৰ জীৱনৰ নিৰাপত্তাৰ স্বাৰ্থত প্ৰয়োজনীয় সংক্ৰমণ প্ৰতিৰোধক আহিলাসমূহ দিবলৈ অনুৰোধ জনায় চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে চৰাইদেউ জিলা কৰ্মচাৰী পৰিষদৰ তৰফৰপৰা।