এইবাৰ চোৰৰ টাৰ্গেট চাউলৰ গুদাম

সোণাৰিৰ বেঙেনাবাৰী পঞ্চায়তত চাউল চুৰি কাণ্ডৰ ঘটনা সংঘটিত হয়। পঞ্চায়তৰ গুদামত মজুত ৰখা ১০ বস্তা চাউল লৈ উধাও চোৰ। ঘটনা সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰিছে ৰাইজে । আনহাতে পঞ্চায়ত কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই চাউল চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। জানিব পৰা মতে পঞ্চায়তৰ অন্তৰ্গত ৰেচন কাৰ্ড নথকা লোকসকললৈ ২৮ জুলাইতে সাহায্যৰ চাউল আনি পঞ্চায়ত কাৰ্যালয়ৰ কাষৰ দৈচলং ৰাজহুৱা প্ৰেক্ষাগৃহত মজুত কৰি ৰখা হৈছিল। আৰু তাৰ পৰাই প্ৰতিদিনে হিতাধিকাৰীসকলক চাউল বিতৰণ কৰি থকা হৈছিল। কিন্তু কোনো ধৰণৰ পহৰাদাৰৰ ব্যৱস্থা নকৰাৰ বাবেই সোমবাৰৰ নিশা গুদামৰ পৰাই ১০ বস্তা চাউল চুৰি হয়। এই সন্দৰ্ভত বুধবাৰে পুৱা পঞ্চায়ত কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজ অৱগত হয় আৰু আৰক্ষীক খবৰ দিয়াত ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।