গোলাঘাটত স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

৭৪সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ দুটা দিন। দেশ তথা ৰাজ্যৰ লগতে গোলাঘাটতো পূৰ্ণগতিত চলিছে পেৰেডৰ প্ৰস্তুতি। গোলাঘাটত এইবাৰ বিশেষভাৱে চলিছে পেৰেডৰ প্ৰস্তুতি। কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী নিৰ্দেশাৱলী অনুসৰি গোলাঘাট আৰক্ষী, হোমগাৰ্ড তথা CRPFৰ জোৱানে সামূহিকভাৱে চলাইছে পেৰেডৰ অনুশীলন। স্বাধীনতা দিৱসৰ অনুষ্ঠানত যাতে গণ সংক্ৰমণ নহয় তাৰ বাবে পেৰেডত অংশগ্ৰহণ কৰা সকলোৰে SWAB গ্ৰহণ কৰিছে গোলাঘাটৰ স্বাস্থ্য বিভাগে। পূৰ্বৰ তুলনাত ব্যাপক সলনি হৈছে এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী। কেৱল ৫টা পল্টনে অংশগ্ৰহণ কৰিব পেৰেডত। এইবাৰৰ পেৰেডত অংশগ্ৰহণ নকৰে NCCৰ লগতে ছাত্ৰ-ছাত্ৰীৰ দলে। প্ৰশাসনে বাতিল কৰাৰ সম্ভাৱনা আছে সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰা সম্বৰ্ধনা অনুষ্ঠান। ওখ-ওখ ঘাঁহেৰে ভৰি থকা খেল পথাৰত পেৰেড অনুশীলনত অসুবিধাৰ সন্মুখীন হোৱা বুলি দুখ প্ৰকাশ কৰে পেৰেড অনুষ্ঠানক নেতৃত্বত দিয়া পেৰেড কমাণ্ডেন্টে। উল্লেখযোগ্য যে, গড়কাপ্তানী বিভাগৰ অধীনত আছে উক্ত পেৰেড ফিল্ডখন। তথাপিতো বিভিন্ন বাধা-বাধ্যকতাক নেওচি গোলাঘাটত ৭৪সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।