কৰ’নাকেন্দ্ৰিক সংঘাত, বিশ্ব স্বাস্থ্য সংস্থাৰে সম্পৰ্ক ছেদ আমেৰিকাৰ
বিশ্বজোৰা সংক্ৰমণেৰে বিভীষিকাৰ সৃষ্টি কৰা কৰ’না ভাইৰাছক কেন্দ্ৰ কৰি আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সম্পৰ্ক শেষ কৰি পেলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ আমেৰিকাৰ স্বাস্থ্য বিভাগৰ সৈতে সংযুক্ত হৈ থকা সৰ্ববৃহৎ সংস্থাটোৱেই হৈছে WHO. কিন্তু কৰ’নাক কেন্দ্ৰ কৰি ট্ৰাম্প প্ৰশাসন আৰু WHOৰ সম্পৰ্ক এতিয়া তিক্ততাৰ চূড়ান্ত সীমাত৷ আমেৰিকাই কৰ’নাৰ ভয়াৱহতাৰ বাবে দোষাৰোপ কৰে চীনক৷ বিপৰীতে WHO-এ কৈ আহিছে যে কৰ’নাকালীন সংকটৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত চীনে পালন কৰি আহিছে দায়িত্বশীল ভূমিকা৷ এই লৈ দুয়োপক্ষৰ মাজত সংঘাত তুংগত উঠিল৷ এতিয়া WHOৰ পৰা বিচ্ছিন্ন হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা সন্দৰ্ভত ট্ৰাম্প প্ৰশাসনে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতি প্ৰেৰণ কৰিছে আনুষ্ঠানিক জাননী৷ উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে কোনো দেশে সম্পৰ্ক ছিন্ন কৰিব বিচাৰিলে এবছৰ পূৰ্বেই জাননী দিব লাগে৷ সেইমতে ৬ জুলাই অৰ্থাৎ আমেৰিকাই এই জাননী প্ৰেৰণ কৰাৰ দিনটোৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাৰে দেশখনৰ সম্পৰ্ক শেষ হোৱাৰ আনুষ্ঠানিকতালৈ অপেক্ষা কৰিব লাগিব অহা বছৰৰ অৰ্থাৎ ২০২১ৰ ৬ জুলাইলৈ৷ এই এটা বছৰত কথা-বতৰাবোৰ সালসলনি হ’বও পাৰে৷ যিহেতু আমেৰিকা বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতি সৰ্বাধিক পুঁজি আগবঢ়োৱা দেশ, সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাই আমেৰিকাৰ সৈতে সম্পৰ্ক যে সহজেই নিঃশেষ কৰিব তাতো সন্দেহ আছে স্বাভাৱিকতে৷