Local, Vocal, Global

পিতৃয়ে বাহন কিনি নিদিয়াৰ বাবে পুত্ৰৰ আত্মহত্যাৰ চেষ্টা

নিউজ ডেস্ক, ২৪ ফ্ৰেব্ৰুৱাৰীঃ ডবকাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বিদ্যুতৰ খুঁটাত উঠি আত্মহত্যাৰ অপচেষ্টা কৰে ৰিবুল হুছেইন নামৰ এজন যুৱকে। পাছত আৰক্ষীৰ জেৰাত যুৱকজনে সদৰী কৰে যে , পিতৃ-মাতৃৰ ওচৰত এখন বাইক দাবী কৰিছিল । কিন্তু দাবী কৰা অনুসৰি বাইক নিদিয়াৰ বাবেই তেনেদৰেই ক্ষোভত বিদ্যুতৰ খুঁটাত উঠি আত্মহত্যা কৰিবলৈ অপচেষ্টা চলায় যুৱকজনে।