অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পূৰ্ণাংগ কমিটী ঘোষণা এআইচিচি’ৰ

গুৱাহাটী,২৪ ফ্ৰেব্ৰুৱাৰীঃ ন-পুৰণি, জ্যেষ্ঠ-কণিষ্ঠ, বৰাক-ব্ৰক্ষ্মপুত্ৰ-পাহাৰ-ভৈয়ামৰ সকলো জাতি-জনগোষ্ঠী আৰু আটাইকেইখন জিলাৰ প্ৰতিনিধিত্ব নিশ্চিত কৰি ভাৰতীয় জাতীয় কংগ্ৰেছে আজি ভূপেন কুমাৰ বৰাৰ নেতৃত্বাধীন অসম প্ৰদেশ কংগ্ৰেছৰ পূৰ্ণাংগ কমিটীখন ঘোষণা কৰিছে।
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী শ্ৰীমতী ছোনিয়া গান্ধীৰ অনুমোদনক্ৰমে সাধাৰণ সম্পাদক শ্ৰীকে চি বেণুগোপালে জাৰি কৰা এক জাননীত আজি অসম প্ৰদেশ কংগ্ৰেছৰ পূৰ্ণাংগ কমিটীখন এইদৰে ঘোষণা কৰা হৈছে।
উল্লেখ্য যে, নতুন অসম প্ৰদেশ কংগ্ৰেছ কমিটীত পূৰ্বেই সভাপতি হিচাপে নিযুক্ত হৈছিল ভূপেন কুমাৰ বৰা আৰু তিনিগৰাকী কাৰ্যকৰী সভাপতি ক্ৰমে ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ আৰু কমলাক্ষ দে’ পুৰকায়স্থক নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে নিযুক্তি দিছিল। আজি ঘোষণা কৰা তালিকা অনুসৰি জেষ্ঠ্য কংগ্ৰেছ নেতা শৰৎ বৰকটকীক কোষাধ্যক্ষ, মুঠ ১৭ গৰাকী উপ-সভাপতি, ৩২গৰাকী সাধাৰণ সম্পাদক, ৬৪ গৰাকী সম্পাদক, ২৬ গৰাকী যুটীয়া সম্পাদক আৰু ৫৯ গৰাকী কাৰ্যনিৰ্বাহকৰ সদস্য নিযুক্ত দি নতুন কমিটীখন গঠন কৰি দিয়া হৈছে। ইয়াৰ উপৰি কংগ্ৰেছ দলৰ সকলো বিধায়ক, কংগ্ৰেছ দলৰ সকলো ভাতৃ-ভগ্নী সংগঠনৰ মুৰব্বীসকল আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সকলো বিভাগ আৰু কোষৰ মূৰব্বীসকল এই নতুন কমিটীৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য হ’ব।