Local, Vocal, Global

নগাঁৱৰ বৰঘাট বাইপাচত জব্দ ছয়খনকৈ বালি ভৰ্তি ট্ৰাক

নিউজ ডেস্ক, ২৪ ফ্ৰেব্ৰুৱাৰীঃ নগাঁৱৰ বৰঘাটত ছয়খনকৈ বালি ভৰ্তি গাড়ী জব্দ। নগাঁও চহৰলৈ আহি থকা অৱস্থাত বৰঘাট আৰক্ষীয়ে জব্দ কৰে গাড়ীকেইখন। গাড়ীকেইখন জব্দ কৰি আৰক্ষীয়ে বনবিভাগক চমজাই দিয়ে। গাড়ীকেইখনৰ চালান নাই বুলি জানিব পৰা গৈছে।
               ঘটনা সন্দৰ্ভত গাড়ীকেইখনৰ ছয়জন চালকক আটক কৰিছে আৰক্ষীয়ে। জব্দ কৰা গাড়ীকেইখনৰ নম্বৰ হৈছে- As-21-8804, AS-09-AC-5365, AS-27-C7231, AS-09-A-3941, AS-21-B-0496, NL-02-A-4061
              আটক কৰা কেইজন হ’ল- মহম্মদ জয়দৰ আলি, ফিৰোজ উদ্দীন, দিলীপ দাস, ইচাম উদ্দীন, অনিল দাস, টংকেশ্বৰ পাতৰ।