Local, Vocal, Global

চোৰাং গৰু সৰবৰাহ, জব্দ ৩খন বাহনসহ ২৩টা গৰু

নিউজ ডেস্ক, ৪ মাৰ্চঃ কাছাৰ জিলাৰ হিলাৰা অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত বিএএছএফৰ অভিযানত চোৰাং গৰু জব্দ। মেঘালয় হৈ বাংলাদেশত পাচাৰ কৰাৰ সময়তে বিএছএফে অভিযান চলায় জব্দ কৰে গৰুসহ বাহনখন।
       জানিব পৰা মতে, AS-11-CC1632, AS11CC3530 আৰু AS11CC2524 নম্বৰৰ তিনিখন মেজিক বাহনেৰে গৰু সৰবৰাহ কৰাৰ সময়ত গোপন সূত্ৰৰ ভিত্তিত বিএএছএফে অভিযান চলাই জব্দ কৰে বাহনকেইখন। লগতে আটক কৰে নাজিম উদ্দিন তালুকদাৰ, মামন হুছেইন, চলমান মজুমদাৰ আৰু শায়েদ আহমেদ। জব্দ হোৱা গৰুকেইটা বাংলাদেশত সৰবৰাহ কৰাৰ উদ্দেশ্য লৈ অনা হৈছিল বুলি জানিব পৰা গৈছে।