Pakistan PM Shehbaz Sharif: পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ পদত্যাগৰ সম্ভাৱনা
ইন্টাৰনেশ্যনেল ডেস্ক, ৯আগষ্ট : পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ পদত্যাগৰ সম্ভাৱনা । আজি পদত্য়াগ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰীগৰাকীৰ (Pakistan PM Shehbaz Sharif) ।
কিয়নো তেওঁৰ নেতৃত্বত গঠিত মিত্ৰজোঁট চৰকাৰে ১২ আগষ্টৰ কিছুদিন পূৰ্বে পাকিস্তান সংসদৰ নিম্ন সদন ৰাষ্ট্ৰীয় বিধানসভা ভংগ কৰি সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অধিক সময় পাব চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব। ১২ আগষ্টত ৰাষ্ট্ৰীয় বিধানসভাৰ কাৰ্যকাল শেষ হ’ব যদিও ৯ আগষ্টত শ্বৰীফে সংসদ পদ ভংগ কৰিব পাৰে।
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে আজি সেনাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে । পাকিস্তানাৰ শাসকীয় দলৰ অনুসৰি আজি অৰ্থাত বুধবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে পদত্য়াগ কৰিব আৰু বিদায়ীৰ পূৰ্বে সেনাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে(Pakistan PM Shehbaz Sharif likely to step down on) ।
খবৰ অনুসৰি, প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে আজি ৰাষ্ট্ৰপতি আৰিফ আলভিলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব ।
মঙলবাৰে ৰাৱালপিণ্ডিৰ সাধাৰণ মুখ্য কাৰ্যালয়ত এক অনুষ্ঠানত শ্বৰীফে ভাষণ দিয়ে আৰু কয় যে, তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰপতি ড০ আৰিফ আলভিলৈ পত্ৰ লিখি ৰাষ্ট্ৰীয় বিধানসভা ভংগ কৰিব। যদি ৰাষ্ট্ৰপতি অনিৰ্ণায়ক হয় তেন্তে শ্বৰীফে ৰাষ্ট্ৰপতিক লিখিত যোগাযোগ দিব ।
জানিব পৰা মতে, পাকিস্তানৰ আইন অনুসৰি, চৰকাৰৰ ম্যাদ উকলি যোৱাৰ ৬০ দিনৰ ভিতৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে । কিন্তু যদি কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে চৰকাৰ ভংগ কৰে তেতিয়াই ৯০ দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ’ব ।যদি আজি চৰকাৰ ভংগ হয় তেন্তে ভোটদানৰ বাবে অধিক সময় হ’ব ।
আজি ৰাষ্ট্ৰীয় বিধানসভাৰ বিৰোধী নেতা ৰাজা ৰিয়াজকে ধৰি মিত্ৰ আৰু বিৰোধী নেতাসকলৰ সৈতে বৈঠকত মিলিত হৈ কেয়াৰটেকাৰ চেট-আপ গঠনৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে। ফেডাৰেল কেবিনেটৰ চূড়ান্ত বৈঠকও অনুষ্ঠিত হ’ব, য’ত শ্বৰীফে ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা চৰকাৰৰ কাম-কাজৰ ৰাউণ্ড-আপ দিব এই বৈঠকত।
আজি পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব প্ৰস্তাৱ ।যদি ৰাষ্ট্ৰপতি এই প্ৰস্তাৱক লৈ কোনো সিদ্ধান্ত ল’ব নোৱাৰে তেন্তে প্ৰধানমন্ত্ৰীয়ে নিজে চৰকাৰ ভংগ কৰিব । প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ বাবে তিনিদিন সময় দিয়া হৈছে (Pakistan PM Shehbaz Sharif likely to step down on )।
ইফালে, ৰাষ্ট্ৰীয় বিধানসভাৰ বিৰোধী নেতা ৰাজা ৰিয়াজে সাংবাদিকৰ আগত কয় যে, তেওঁ নিজৰ মিত্ৰৰ সৈতে আলোচনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে আৰু তেওঁলোকে অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীৰ পদৰ বাবে তিনিটা নাম চূড়ান্ত কৰিছে। তেওঁ লগতে কয় যে, এই নামত কোনো ৰাজনীতিবিদক অন্তৰ্ভুক্ত কৰা হোৱা নাই যদিও এজন অৰ্থনীতিবিদক চৰ্টলিষ্ট কৰা হৈছে। ৰিয়াজে অৱশ্যে কয় যে চৰকাৰেও একেধৰণৰ পৰামৰ্শ দিলে অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী পদৰ বাবে ৰাজনীতিবিদৰ কথাও বিবেচনা কৰিব পাৰে।
লগতে পঢ়ক : CISF constable in honey trap: পুনৰ হানিট্ৰেপিঙৰ চাঞ্চল্যকৰ ঘটনা; হানিট্ৰেপিঙৰ বলি CISFৰ কনিষ্টবল