Local, Vocal, Global

গোলাঘাট জিলাত এইবাৰ জব্দ মাটি, বালি আৰু শিলৰ ট্ৰাক

গোলাঘাট জিলাত বনজ সম্পদ লুণ্ঠন কাৰ্য অব্যাহত ৰখা চাৰিখন শিল, বালি আৰু মাটিৰ গাড়ী জব্দ। গোলাঘাটত অব্যাহত আছে বনজ সম্পদ লুণ্ঠন কাৰ্য। বিশেষকৈ দৈগ্ৰোং নদীৰ বালি, শিল আৰু কাষৰীয়া নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ মূল্যবান কাঠ আদিৰ চোৰাং ব্যৱসায় এতিয়াও যে পূৰ্ণোদ্যমে চলি আছে সেই কথা পুনৰ স্পষ্ট হৈ পৰিছে। গোলাঘাটৰ বন বিভাগে এখন ট্ৰাকসহ বৃহৎ পৰিমাণৰ মূল্যবান চোৰাং কাঠ জব্দ কৰাৰ পিছত আজি আকৌ কেইবাখনো মাটি, বালি আৰু শিলৰ ট্ৰাক জব্দ কৰে। ট্ৰাককেইখনৰ নম্বৰ ক্ৰমে এএছ০৫চি-৯৫৪৩, এছ০৫চি-৭৬২১, এএছ ০৫চি-৮০৪৫ আৰু এএছ০৯এচি-৫৩৯১। গোলাঘাটৰ বন সংমণ্ডল বিষয়া ভাস্কৰ ডেকাই সংবাদ মাধ্যমৰ আগত কয় যে মাটি বালি আৰু শিল কঢ়িয়াই অনা ট্ৰাকসমূহৰ কোনো এখনৰে বৈধ নথি-পত্ৰ নথকাৰ বাবেই ট্ৰাককেইখন জব্দ কৰা হয়। এই সৰ্ম্পকত বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।