Local, Vocal, Global

কাল কৰ’নাৰ প্ৰভাৱ পাঠ্যক্ৰমত, অহাবছৰ দেশৰ স্কুলত নতুন Syllabus

কৰ’নাই সলনি কৰিলে Syllabus

অহা বছৰৰ পৰা দেশৰ স্কুলসমূহত নতুন পাঠ্যক্ৰম

 

কৰ’নাই খেলি মেলি কৰি পেলাইছে দেশৰ শিক্ষা ব্যৱস্থা৷ স্কুল-কলেজ সকলো বন্ধ৷ কেতিয়া শ্ৰেণী আৰম্ভ হ’ব, পৰীক্ষা কেতিয়া এইবোৰৰ কোনো নিশ্চয়তা নাই৷ তাৰ মাজতে দেশৰ মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ে লৈছে এটা ডাঙৰ সিদ্ধান্ত৷ কৰ’নাই সৃষ্টি কৰা বেমেজালিৰ বাবেই দেশৰ স্কুলসমূহত প্ৰৱৰ্তন কৰা হ’ব নতুন পাঠ্যক্ৰম৷ নেচনেল কাৰীকুলাম ফ্ৰেমৱৰ্কে ১৫ বছৰৰ মূৰত দেশৰ বিদ্যালয়সমূহৰ বাবে নতুন পাঠ্যক্ৰম প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ৰ নিৰ্দেশমৰ্মে নেচনেল কাউন্সিল অৱ এডুকেশ্যন ৰিছাৰ্ছ এণ্ড ট্ৰেইনিং শীৰ্ষক প্ৰতিষ্ঠানত নতুন চিলেবাছ প্ৰস্তুত কৰাৰ দায়িত্ব দিয়া হৈছে৷ চিলেবাছৰ লগতে সম্পূৰ্ণ পাঠ্যক্ৰমো প্ৰস্তুত কৰিব এনচিইআৰটি-এ৷ নতুন পাঠ্যক্ৰম আৰু চিলেবাছৰ খচৰা অহা ডিচেম্বৰ মাহৰ ভিতৰত প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়া হৈছে, যাতে নতুন বছৰৰ পৰা নতুন পাঠ্যক্ৰমেৰে আৰম্ভ কৰিব পৰা হয় শ্ৰেণীসমূহ৷ নতুন পাঠ্যক্ৰম অনুসৰি পাঠ্যপুথিসমূহৰ ক্ষেত্ৰতো আহিব বহু পৰিৱৰ্তন৷ তাৰ বাবে ইতিমধ্যে নিয়োগ কৰা হৈছে বিশেষজ্ঞ৷ এইসমূহ বিষয় সামৰি অহা ডিচেম্বৰৰ ভিতৰত অন্তৱৰ্তীকালীন প্ৰতিবেদন বিচাৰিছে মন্ত্ৰ্যালয়ে৷ ২০২১ৰ মাৰ্চ মাহৰ পৰা নতুন পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কাৰ্যকৰী হ’ব বুলি আশা কৰা হৈছে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে এনচিইআৰটিৰ পাঠ্যপুথিসমূহ ১৯৭৫, ১৯৮৮, ২০০০ আৰু ২০০৫ চনত সালসলনি কৰা হৈছে৷ এয়া পাঠ্যক্ৰমৰ পঞ্চম পৰিৱৰ্তন৷