Local, Vocal, Global

কৃত্ৰিম বানৰ কৱলত তিনিচুকীয়া চহৰ

প্ৰৱল বৰষুণৰ ফলত তিনিচুকীয়া চহৰৰ প্ৰায়বোৰ এলেকাতে সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ । চহৰখনৰ মাজমজিয়াত থকা জিৰো পইন্ট, ৰঙাগোৰা পথৰ উপৰিও আৱাসিক এলেকা পৰ্বতীয়া, বৰপথাৰ, শ্ৰীপুৰীয়া, নিউ কলনি, টিংৰাই হাবি অঞ্চলত ৩ দিনৰ বৰষুণত ৩ ফুটৰ পৰা ৪ ফুট লৈকে পানী বৃদ্ধি পোৱাত গভীৰ আকংশাত ভুগিছে স্থানীয়  ৰাইজে। চহৰখনৰ উক্ত অঞ্চলত থকা পকী পথসমুহো এতিয়া পানীৰ তলত। ঘৰৰ ভিতৰত পানী সুমুৱাৰ ফলত জীয়াতু ভুগিছে মহিলা আৰু শিশুসকলে। চহৰৰ মধ্য ভাগত থকা চিকিৎসালয়সমূহত পানী হোৱাৰ ফলত ৰোগীসকলো সন্মুখীন হৈছে যথেষ্ট বিপদৰ । এইক্ষেত্ৰত ৰাজনৈতিক নেতা আৰু জিলা প্ৰশাসনৰ পৰা ৰাইজে কোনো সঁহাৰি নোপোৱাত ৰাইজে নিজাববীয়াকৈ কৰি লৈছে  নিজৰ সুৰক্ষাৰ ব্যাৱস্থা । লক্ষণীয় যে আজিও যদি বৰষুণৰ প্ৰৱলতা কম নহয় তেন্তে পানীৰ পৰিমাণ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা যথেষ্ট হোৱাত অধিক চিন্তনীয় হৈ পৰিছে স্থানীয় ৰাইজ।