Local, Vocal, Global

বিবাহিতা মহিলালৈ দুঃখবৰ!

বিবাহৰ পিছত শিৰত সেন্দূৰ ল’ব নোখোজা বা নোলোৱা হিন্দু বোৱাৰীসকললৈ দুঃখবৰ৷ এতিয়াৰে পৰা বিবাহিতা মহিলাই শিৰত সেন্দূৰ আৰু হাতত শাখা নিপিন্ধা কাৰ্যক স্বামীৰ ওপৰত মানসিক নিৰ্যাতন হিচাপে গণ্য কৰা হ’ব৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে অলপতে প্ৰদান কৰিলে এই ৰায়৷

পত্নীয়ে শিৰত সেন্দূৰ আৰু হাতত শাখা নিপিন্ধা কাৰ্যক এক মানসিক নিৰ্যাতন হিচাপে অভিহিত কৰি কোনোবা পুৰুষে আদালতত বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰিলে সেই আৱেদন গৃহীত হ’ব পাৰে বুলিও স্পষ্ট কৰি দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ সুমিত্ৰা শইকীয়াৰ দুজন বিচাৰপীঠে৷