কোনটো কাৰ্টুনৰ বাবে শিৱসেনাই পিটিলে সেনা বিষয়াক ?
এটা কাৰ্টুন৷ এই কাৰ্টুনটোৰ বাবেই মুম্বাইত শিৱসেনাৰ ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হ’ল ভাৰতীয় নৌসেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া। বিষয়াগৰাকীৰ নাম মদন শৰ্মা। ৬২ বছৰীয়া এই বিষয়াগৰাকীৰ ওপৰত কালি পুৱা ১১ঃ৩০ বজাত শিৱসেনাৰ এটা দলে তেওঁৰ এপাৰ্টমেণ্টতেই আক্ৰমণ কৰে। উল্লেখযোগ্য যে মুম্বাই তথা মহাৰাষ্ট্ৰৰ বৰ্তমানৰ পৰিস্থিতিক লৈ ভাইৰেল হৈ পৰা এটা কাৰ্টুন এই বিষয়াগৰাকীয়েও ফৰৱাৰ্ড কৰিছিল আৰু সেইটোৱেই যেন তেওঁৰ বাবে কাল হ’ল। পিছে কাৰ্টুনটোৰ বিষয়বস্তু কি আছিল জানেনে?
শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰৰ কাৰ্যকলাপে স্বয়ং শিৱসেনাৰ বহু সমৰ্থকক অসন্তুষ্টি কৰি তোলাৰ লগতে সাধাৰণ নাগৰিকো ক্ষোভিত হৈ পৰিছে। কি উদ্দেশ্যত হঠাতে চৰকাৰখনৰ এনে কাৰ্যকলাপ বৃদ্ধি পাইছে তাক লৈ চিন্তাত পৰিছে সচেতন ৰাইজ। ইয়াৰ মাজতে ভাইৰেল হোৱা এই কাৰ্টুনটোত মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক লুভীয়া হিচাপে পৰিৱেশন কৰাৰ লগতে ‘মাতৃ’ ছোনিয়া গান্ধী আৰু ‘পিতৃ’ শাৰদ পাৱাৰৰ পৰা তেওঁ নমস্কাৰ কৰি আদেশ লোৱা দেখুওৱা হৈছে। ইতিমধ্যে এই কাৰ্টুনটো ব্যাপক ৰূপত ভাইৰেল হৈছে আৰু কাৰ্টুনটোৱে শিৱসেনাৰ সমৰ্থকসকলক দলটোৰ বৰ্তমান নষ্ট হ’বলৈ ধৰা ভাৱমূৰ্তি সম্পৰ্কে ভাবিবলৈ বাধ্য কৰাইছে। সেয়ে নাৰাজ হৈ পৰিছে থাকৰেৰ আঙুলিৰ নিৰ্দেশত নাচি ফুৰা একাংশ শিৱসেনাৰ গুণ্ডা।
ইতিমধ্যে সেনা বিষয়াগৰাকীৰ ওপৰত হোৱা এই আক্ৰমণৰ ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিনেত্ৰী কংগনা ৰাণাৱটেও এই কাণ্ডৰ বিৰোধিতা কৰি ভিডিঅ’ মেচেজ প্ৰকাশ কৰিছে। প্ৰাক্তন সেনা বিষয়াসকলেও প্ৰতিবাদৰ বাবে কাৰ্যসূচী হাতত লোৱাৰ খবৰ আহিছে। মহাৰাষ্ট্ৰৰ বিজেপিয়েও এই কাণ্ডৰ তীব্ৰ প্ৰতিবাদ কৰিছে। যিটো কাৰ্টুনৰ বাবে সেনা বিষয়া মদন শৰ্মা শিৱসেনাৰ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হ’ল সেই কাৰ্টুনটো এই বাতৰিটোৰ সৈতে দিয়া হৈছে।