Local, Vocal, Global

শিৱসাগৰতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন ৰাভা দিৱস

আজি ৰাভা দিৱস৷ কলাগুৰু বিষ্ণু ৰাভাক ৰাজ্যজুৰি স্মৰণ৷ ৰাজ্যৰ লগতে শিৱসাগৰতো আজি শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভাৰ উদ্যোগত আয়োজন কৰা হয় ৰাভা দিৱস৷

জিলা পুথিভঁৰালত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কলাগুৰুৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে৷

অনুষ্ঠানত জীৱনজোৰা সাধনা বঁটাপ্ৰাপ্ত সংগীত শিল্পী অসীমা বৰুৱা, সংগীত শিল্পী হেম শইকীয়া, জান্টুমনি শইকীয়া আদি কৰি বহুকেইজন শিল্পীয়ে গীত পৰিৱেশন কৰে৷ অনুষ্ঠানটিৰ আঁত ধৰে সম্পাদক ত্ৰলোক্য দত্তই৷

এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সমাজকৰ্মী বসন্ত দত্ত, প্ৰাক্তন পৌৰপতি  মিধুস্মিতা সিনহা, ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক প্ৰবীণ শৰ্মা আদি কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ জ্যেষ্ঠ সাংবাদিক প্ৰয়াত গুণ বৰুৱা দেৱকো জনোৱা হয় শ্ৰদ্ধাঞ্জলি৷