Local, Vocal, Global

লকডাউনৰ বাবে ভাস্কৰ্য শিল্পীৰ দুৰৱস্থা,আৰ্থিক সকাহৰ বাবে কাতৰ অনুৰোধ

সংহাৰী কৰ’না ভাইৰাছৰ বাবে সমগ্ৰ দেশজুৰি চলা লকডাউনৰ বাবে ৰাজ্যৰ একাংশ শিল্পীৰ আৰ্থিক অৱস্থা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। উপাৰ্জনৰ পথ সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰাত কমলপুৰৰ এগৰাকী ভাস্কৰ্য শিল্পীৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছে। কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰুৱাজানীৰ ভাস্কৰ্য শিল্পীগৰাকীয়ে দিকবিদিক হেৰুৱাই পেলাইছে। হিতেশ শৰ্মা নামৰ ভাস্কৰ্য শিল্পীগৰাকীয়ে বিভিন্ন গছ, বাঁহৰ মূড়া আদিত অতি সুন্দৰকৈ মূৰ্তি অংকন কৰি প্ৰতিটো মূৰ্তিতে একোটাকৈ সামাজিক বাৰ্তা দিয়াৰ প্ৰয়াস কৰি আহিছে দীৰ্ঘদিন ধৰি। বাঁহৰ মূড়াৰ পৰা ম’হৰ শিঙৰ পেঁপাৰ লগতে লুপ্ত হ’ব ধৰা দোতোৰাকে ধৰি  কেইবাটাও লোকবাদ্য তৈয়াৰ কৰিছে ভাস্কৰ্য শিল্পী গৰাকীয়ে। স্বামীৰ কষ্ট দেখি পত্নীও মাজে-সময়ে শিল্প সাধনাত সহায় কৰে হিতেশ শৰ্মাক। কিন্তু লকডাউনৰ বাবে ভাস্কৰ্য শিল্পীগৰাকী এতিয়া গভীৰ আৰ্থিক সংকটত। উল্লেখযোগ্য যে বৰুৱাজানি গাৱৰ ভাস্কৰ্য্য শিল্পীগৰাকীয়ে জন্মৰ ছমাহ পিছতে মাতৃক হেৰুৱাইছিল আৰু  মাতৃহাৰা এই শিল্পীজনে মাতৃৰ মুখখন বিচাৰি পাবৰ বাবে অংকন কৰিছিল বিভিন্ন ছবি। কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোলোকৈয়ে নিজকে এজন ভাস্কৰ্য্য শিল্পী হিচাপে প্ৰস্তুত কৰি তুলিছিল শিল্পীজনে। শিল্প সাধনাৰ লগতে সৰুকৈ পাণদোকান এখন দি পৰিয়ালটোক ভৰণ-পোষণ দিয়া  ভাস্কৰ্য্য শিল্পীগৰাকীয়ে লকডাউনৰ বাবে চৌদিশে এতিয়া অন্ধকাৰ দেখিছে। কিন্তু ইয়াৰ মাজতে আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ লাখ কোটি টকাৰ বিশেষ পেকেজ ঘোষণাৰ দ্বাৰা শিল্পীগৰাকী উপকৃত হ’ব বুলি আশা কৰিছে। শিল্পীসকলৰ এনে   অৰ্থনৈতিক সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰিছে শিল্পীগৰাকীয়ে।