Local, Vocal, Global

শিৱসাগৰৰ ৫৮ বছৰীয়া এগৰাকী মহিলা আক্ৰান্ত কৰ’নাত

শিৱসাগৰৰ ৫৮ বছৰীয়া মহিলা এগৰাকীৰ  দেহত ধৰা পৰিছে কৰ’নাৰ উপস্থিতি ৷ সূর্যলতা গগৈ নামৰ মহিলা গৰাকীৰ দেহত ধৰা  পৰিছে কৰ’নাৰ উপস্থিতি । মহিলা গৰাকীৰ ঘৰ শিৱসাগৰ নগৰৰ সমীপৰ গোঁহাই চুকত৷যোৱা ২২জুনত মহিলা গৰাকীৰ পৰা স্বাব সংগ্রহ কৰিছিল জিলা স্বাস্থ্য বিভাগে ৷কাৰণ বিগত কেইবাটাদিনৰ পূর্বে দিল্লীস্থ নিজৰ পুত্র ৰ কাষৰ পৰা আহিছিল মহিলা গৰাকী  ৷ দিল্লীৰ পৰা শিৱসাগৰ আহি পোৱা পিছৰে পৰা নিজ গৃহতে স্বাস্থ্য বিভাগে কোৱাৰেন্টিন কৰি ৰাখিছিল সূৰ্যলতা গগৈৰ লগতে তেওঁ স্বামীক ৷ শনিবাৰে নিশা স্বাব টেষ্টৰ ফলাফল পজিটিভ অহাৰ পাছতে স্বাস্থ্য বিভাগে মহিলা গৰাকীক স্থানান্তৰিত কৰিছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ আইচলেচন বিভাগলৈ ৷ সূর্যলতা গগৈৰ গোহাঁইচুকস্থিত বাসগৃহটোৰ লগতে কাষৰীয়া সমগ্র অঞ্চলটো কনন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে শিৱসাগৰ জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগে।