Local, Vocal, Global

পুনৰ চৰ্চাৰ শীৰ্ষত শিৱসাগৰ

নিউজ ডেস্ক, ১১ জুলাই : পুনৰ চৰ্চাৰ শীৰ্ষত শিৱসাগৰ । শিৱসাগৰ জিলাৰ নিবাসী লোকনাথ গগৈ নামৰ এজন ব্যক্তিৰ ঘৰত বনকৰা হিচাপে থকা যুৱতীৰ ৰহস্যজনক মৃত্যুকলৈ শিৱসাগৰত চাঞ্চল্যৰ সৃষ্টি হৈছে।

দেওবাৰে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে যুৱতী গৰাকীয়ে আত্মহত্যা কৰা বুলি পৰিয়ালক অৱগত কৰিছিল লোকনাথ গগৈয়ে।

কিন্তু মৰণোত্তৰ পৰীক্ষাত ওলাল বিশেষ তথ্য। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি যুৱতীগৰাকী আছিল অন্তঃসত্ত্বা।

তাৰ পিছতেই যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে পৰিকল্পিতভাৱে হত্যা কৰি ঘটনাটো আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ তুলিছে লোকনাথ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে।

সম্প্ৰতি, সোধা-পোছাৰ বাবে আৰক্ষীয়ে লোকনাথ গগৈ আৰু পত্নীক আটক কৰিছে। অৱশ্যে, তদন্তৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত তথ্য।