Local, Vocal, Global

মণিপুৰত ভয়ংকৰ ভূমিস্খলনত সন্ধানহীন কমলেশ তালুকদাৰৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেক্স ১১ জুলাই : অবশেষত উদ্ধাৰ হল সন্ধানহীন কমলেশ তালুকদাৰৰ মৃতদেহ। যোৱা ২১ জুন তাৰিখে ঘৰৰ পৰা শেষ বাৰৰ বাবে কৰ্মস্থলীলৈ যোৱা অভিযন্তা গৰাকীৰ মৃতদেহ আজি গোলকগঞ্জৰ কালডোৱা স্থিত স্বগৃহত অনা হয় ।

যোৱা ২৯ জুনত মণিপুৰত হােৱা ভয়ংকৰ ভূমিস্খলনত নিখোজ হৈ আছিল অভিযন্তা গৰাকী। তেতিয়াৰে পৰা ১১ দিনৰ অনিশ্চয়তাৰ অন্তত কালি উদ্ধাৰ কৰা হয় তালুকদাৰৰ মৃতদেহ। মৃতদেহৰ ডিঙিত সোণৰ চেইন দেখা পাই মৃতদেহটো কমলেশ তালুকদাৰৰ মৃতদেহ বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে।

উল্লেখ্য যে, ২৯ জুনৰ দিনা শেষ বাৰৰ বাবে পত্নীৰ লগত কথা পাতিছিল অভিযন্তা গৰাকীয়ে। কিন্তু কথা পাতি থকাৰ সময়তে হঠাতে ফোনটো কাটি যায় আৰু তাৰ পিছৰে পৰা সন্ধানহীন আছিল অভিযন্তা গৰাকী। যোৱা কালি উদ্ধাৰ কৰা হয় কমলেশ তালুকদাৰৰ মৃতদেহ। অভিযন্তা গৰাকীৰ এই অকাল মৃত্যুত পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

ভাৰতীয় ৰেল বিভাগত কৰ্মৰত কমলেশ তালুকদাৰে জিৰিবাম-ইম্ফলত ৰেলৱেৰ নতুনকৈ লাইন নিৰ্মাণ কামত নিয়োজিত আছিল। কিন্ত যোৱা ২৯ জুনৰ নিশা ১১.৩০ বজাত ভয়ংকৰ ভূমিস্খলনত মণিপুৰত হােৱা ভূমিস্খলনত তালুকদাৰৰ সন্ধানহীনৰ বাতৰিয়ে শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছিল কমলেশ তালুকদাৰৰ বাসগৃহত।