Local, Vocal, Global

কামৰূপত শোকাৱহ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ১১ জুলাই : দেওবাৰে নিশা কামৰূপ জিলাৰ অন্তৰ্গত বকোৰ চকাবাহাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ।

Hundai i10 আৰু টেম্প’ৰ মাজত হোৱা সংঘৰ্ষৰ ফলত টেম্প’ চালকজন থিতাতে নিহত হোৱাৰ লগতে শিশু,মহিলা সহ তিনিজন আহত হয়।

নিহত চালকজন বকোৰ কাহীবামাৰ নিবাসী সিদ্ধাৰ্থ দাস (৪৫) বুলি জানিব পৰা গৈছে ।

ইন্ধন শেষ হোৱা বাবে টেম্প’খন ঠেলি অনাৰ সময়তে Hundai i10 গাড়ী এখনে প্ৰচণ্ড খুন্দা মৰাৰ ফলত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। আনহাতে, দুৰ্ঘটনা সংঘটিত কৰিয়েই Hundai i10 ৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

দুৰ্ঘটনাত পতিত টেম্পʼখনৰ নম্বৰ হৈছে AS01 AC 9023 আৰু দুৰ্ঘটনা সংঘটিত কৰা Hundai i10 খন নম্বৰ প্লেট বিহীন আছিল।

উল্লেখ্য যে, নিশা বকো আৰক্ষীয়ে চলাই উদ্ধাৰ অভিযান চলাই Hundai i10 বাহনখনৰ পৰা মেঘালয় আৰক্ষীৰ পোছাক আৰু পৰিচয় পত্ৰ উদ্ধাৰ কৰে। আনহাতে নথি মতে চেংচেং আৰ মাৰাক নামৰ লোকজনে সংঘটিত কৰে শোকাৱহ দুৰ্ঘটনাটো।