WATCH | Sipajar News : পঞ্চায়ত নিৰ্বাচনকলৈ প্ৰতিগৰাকী প্ৰাৰ্থী ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত
ছিপাঝাৰ,১৯এপ্ৰিল : ছিপাঝাৰত পঞ্চায়ত নিৰ্বাচনৰ দিন তাৰিখ ক্ৰমাৎ ওচৰ চাপি অহাৰ লগে লগে প্ৰাৰ্থী সকলৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
ইয়াৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়ত এলেকাত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী সকলৰ কচৰৎ চকুত লগা পৰিছে। পঞ্চায়ত খনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ খদমদমে সৰ্বসাধাৰণ ভোটাৰ ৰাইজক আকৰ্ষিত কৰিছে(Sipajar News)।
১ নং ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ মনোনীত প্ৰাৰ্থী তথা চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ জনপ্ৰিয় যুৱ প্ৰাৰ্থী মোস্তাক হুছেইনে পঞ্চায়ত এলেকাত নিজৰ কুচ-কাৱাজ জোৰদাৰ কৰি তোলা পৰিলক্ষিত হৈছে। ৰাইজৰ মনোনীত প্ৰাৰ্থী হিচাপে তেওঁ জয়ী হোৱাৰ আশা প্ৰকাশ কৰি প্ৰাৰ্থী গৰাকী জয়ী হ’লে তেওঁ ৰাইজৰ উন্নয়নৰ কাম কৰিবলৈ বদ্ধ পৰিকৰ বুলি উল্লেখ কৰি নিজ দলৰ চৰকাৰ,সাংসদ আৰু বিধায়ক থকাৰ বাবে ৰাইজৰ কাম কৰাত সুবিধা হ’ব বুলি উল্লেখ কৰে। তেওঁৰ লগত এগৰাকী প্ৰতিদ্বন্দ্বী আছে যদিও তেওঁ লগত প্ৰতিদ্বন্দ্বিতা হ’ব বুলি ক’ব নোৱাৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।
লগতে পঢ়ক : WATCH | Road Accident : জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত