Local, Vocal, Global

Singapore’s Indian-origin former minister faces eight fresh charges for alleged corruption : ছিংগাপুৰৰ প্ৰাক্তন পৰিবহণ মন্ত্ৰী এছ ঈশ্বৰণৰ বিৰুদ্ধে ৮টা নতুন অভিযোগ

ইণ্টাৰনেশ্যনেল ডেস্ক,২৫মাৰ্চ : নতুনকৈ ৮টা অভিযোগ দাখিল ছিংগাপুৰৰ ভাৰতীয়মূলৰ প্ৰাক্তন পৰিবহণ মন্ত্ৰী এছ ঈশ্বৰণৰ বিৰুদ্ধে । সোমবাৰে দুৰ্নীতিৰ এক গোচৰত ৮ টা নতুন অভিযোগ জাপি দিয়ে ভাৰতীয়মূলৰ প্ৰাক্তন পৰিবহণ মন্ত্ৰী এছ ঈশ্বৰণৰ বিৰুদ্ধে । যাৰ ফলত তেওঁৰ বিৰুদ্ধে মুঠ অভিযোগৰ সংখ্যা ৩৫ লৈ বৃদ্ধি হয় । ইশ্বৰণৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে জানুৱাৰীত ২৭ টা অভিযোগ উত্থাপন কৰা হৈছিল(Singapore’s Indian-origin former minister faces eight fresh charges for alleged corruption) ।

ইফালে নতুন অভিযোগ সন্দৰ্ভত ৬১ বছৰীয়া ইশ্বৰণে দোষী নহয় বুলি দাবী কৰে।

উল্লেখ্য যে, ৮ টা নতুন অভিযোগ দণ্ডবিধিৰ ধাৰা ১৬৫-ৰ অধীনত আছে আৰু ইয়াত অন্তৰ্ভুক্ত আছে যে তেওঁ লুম কোক চেং নামৰ এজন ব্যক্তিৰ পৰা হুইস্কিৰ বটল, গল্ফ ক্লাব আৰু ব্ৰম্পটন চাইকেলসহ মূল্যৱান সামগ্ৰী লাভ কৰিছিল ।

সোমবাৰে চিপিআইবি য়ে এক পৃথক বিবৃতিত কয় যে সামগ্ৰীবোৰৰ মুঠ মূল্য হৈছে এছজিডি ১৮,৯৫৬.৯৪ (১৪,০৮০ আমেৰিকান ডলাৰ)। ঈশ্বৰণ পৰিবহণ মন্ত্ৰী হৈ থকা সময়তে এই লেনদেনবোৰ হৈছিল বুলি জানিব পৰা গৈছে ।

সোমবাৰে দাখিল কৰা অভিযোগ অনুসৰি ইশ্বৰণে ২০২১ চনৰ নৱেম্বৰৰ পৰা ২০২২ চনৰ নৱেম্বৰৰ ভিতৰত লুম চাং নামৰ ঠিকাদাৰ আৰু এলটিএৰ মূল্যৱান উপহাৰ লাভ কৰিছিল(Singapore’s Indian-origin former minister faces eight fresh charges for alleged corruption) ।

লগতে পঢ়ক : Drugs Peddler Arrested : কাছাৰত জব্দ ২৭০ গ্ৰাম ব্ৰাউন চুগাৰ; আটক এজন