Local, Vocal, Global

Assam CM visits Barpeta Satra for Holi Festival: বৰপেটা সত্ৰত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক,২৫ মাৰ্চ : বৰপেটা সত্ৰত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । সত্ৰত উপস্থিত হৈ সেৱা জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । আজি সত্ৰখনত উপস্থিত হৈ আতা পুৰুষসকলৰ গৃহ, মঠ গৃহ আৰু গুৰু আসনৰ আগত সেৱা জনায় । তাৰপাছত দৌল গৃহত প্ৰৱেশ কৰি কলীয়া গোঁসাইৰ গাত ফাকু ছটিয়াই সেৱা জনায়(Assam CM visits Barpeta Satra for Holi Festival) ।

সত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কয় য়ে আজিৰ দিনটোত মই সত্ৰখনত উপস্থিত হোৱাটো মোৰ বাবে সৌভাগ্যৰ বিষয় । “সকলোৱে জীৱনত এবাৰ হ’লেও বৰপেটাৰ দৌল মহোৎসৱ চাবলৈ আহিব লাগে । “

লগতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে আগন্তুক দিনত সত্ৰখনৰ আন্তঃগাঁথনি উন্নয়ন কৰা হ’ব বুলি প্ৰকাশ কৰে ।

লগতে পঢ়ক : Singapore’s Indian-origin former minister faces eight fresh charges for alleged corruption : ছিংগাপুৰৰ প্ৰাক্তন পৰিবহণ মন্ত্ৰী এছ ঈশ্বৰণৰ বিৰুদ্ধে ৮টা নতুন অভিযোগ