Local, Vocal, Global

Drugs Peddler Arrested : কাছাৰত জব্দ ২৭০ গ্ৰাম ব্ৰাউন চুগাৰ; আটক এজন

নিউজ ডেস্ক,২৫মাৰ্চ : পুনৰ ৰাজ্যত জব্দ বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ । দেওবাৰে আৰক্ষীয়ে জব্দ কৰে নিচাজাতীয় সামগ্ৰীখিনি ।

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা। গোপন তথ্যৰ ভিত্তিত দেওবাৰে ধলাই আৰক্ষীয়ে অভিযান চলাই । অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে।

লগতে আৰক্ষীয়ে চলাই থানাৰ অন্তৰ্গত মিজোৰাম সীমান্তৱৰ্তী কৰ্কট বস্তিত অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে চলোৱা তালাচী অভিযানত ২২ পেকেট ব্ৰাউন চুগাৰ জব্দ কৰে । আৰক্ষীয়ে জব্দ কৰা পেকেট কেইটাৰ পৰা মুঠ ২৭০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে । জব্দ কৰা হেৰ”ইনৰ মূল্য কেবা লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে(Drugs Peddler Arrested)।

ইফালে ব্ৰাউন চুগাৰ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰামফাংগ লিয়ান মাৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক। ৰামফাংগ লিয়ান মাৰৰ ঘৰ জিৰিঘাটৰ লোৱাৰ লবনখালত বুলি সদৰি কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক :Poland demands explanation after accusing Russia of violating its airspace :ৰাছিয়াই নিক্ষেপ কৰা মিছাইল পোলেণ্ডৰ ভূ-ভাগত প্ৰৱেশ