Local, Vocal, Global

Silchar NIT student protest : নিলম্বন শিলচৰ NITৰ ডীন বিজয় কৃষ্ণ ৰয়ক

নিউজ ডেস্ক,২৩ছেপ্টেম্বৰ : শিলচৰ এন আই টিৰ ডীনক নিলম্বন কৰ্তৃপক্ষৰ। ছাত্ৰ নিৰ্যাতনৰ অভিযোগ আছিল শিলচৰ এন আই টিৰ ডীন বিজয় কৃষ্ণ ৰয়ৰ বিৰুদ্ধে । এই অভিযোগ আছিল প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীসকলৰ। অভিযোগৰ ভিত্তিত শনিবাৰে ডীনগৰকীক নিলম্বন কৰে কৰ্তৃপক্ষই।

উল্লেখ্য যে,শুকুৰবাৰে নিশা প্রত্যাহাৰ কৰা হৈছিল শিলচৰ এন আই টি(NIT)ৰ ছাত্র আন্দোলন। এক দীঘলীয়া বৈধকৰ অন্তত প্রত্যাহাৰ কৰা হৈছিল ছাত্র আন্দোলন । কৰ্তৃপক্ষৰে হোৱা দীঘলীয়া বৈঠকৰ পিছতেই শিলচৰ এন আই টি(NIT)ৰ ছাত্র আন্দোলন প্রত্যাহাৰ কৰে ছাত্ৰ সমাজে । কৰ্তৃপক্ষই ছাত্ৰসমাজক প্রতিশ্রুতি প্ৰদান কৰে যে কৰ্তৃপক্ষৰ সৈতে হোৱা আলোচনাৰ অন্তত সোমবাৰে লিখিতভাৱে জাননী দিয়া হ’ব । আৰু এই প্রতিশ্রুতি প্ৰদানৰ বাবেই ছাত্রসকলে প্রত্যাহাৰ আন্দোলন(Silchar NIT student protest)।

১৫ ছেপ্টেম্বৰৰ পৰাই শিলচৰ এন আই টিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। এজন ছাত্রৰ আত্মহত্যাৰ ঘটনাক কেন্দ্র কৰি ১৫ছেপ্টেম্বৰ দিনটোত প্ৰতিষ্ঠানখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। শিক্ষা প্রতিষ্ঠানখনৰ ডীন বিনয়কৃষ্ণৰয়ৰ বাসগৃহ ঘেৰাও কৰাৰ সমান্তৰালভাবে ডীনক সপৰিয়ালে বাসগৃহত আৱদ্ধ কৰি বাহনো লণ্ড-ভণ্ড কৰে শ শ ছাত্ৰ-ছাত্ৰীয়ে।

কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে ছাত্রজনে আত্মহত্যা কৰিবলৈ বাধ্য হোৱাৰ অভিযোগ তুলিছিল ছাত্ৰ-ছাত্ৰীয়ে। এই প্ৰতিবাদ পৰৱৰ্তী সময়ছোৱাত ইমানে ভয়ংকৰ হৈ পৰিছিল যে ছাত্ৰয়ে আৰক্ষীৰ সৈতেও হতাহতিত লিপ্ত হৈছিল। পিছত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চালনা কৰিবলৈ বাধ্য হোৱাত উক্ত দিনা পৰিস্থিতি সাম কাটিছিল যদিও পৰৱৰ্তী দিনাৰ পৰা পুনৰ আন্দোলনত নামি পৰে ছাত্ৰ সমাজে। প্ৰায় এসপ্তাহৰো অধিক দিন আন্দোলন কৰা ছাত্ৰ সমাজে শুকুৰবাৰে কৰ্তৃপক্ষৰে এক দীঘলীয়া বৈঠকত বহে(Arunachal Student Suicide Sparks Protests at NIT Silchar )।

শুকুৰবাৰে বহা বৈঠকৰ আলোচনাৰ অন্তত সোমবাৰে লিখিতভাৱে জাননী দিয়া হ’ব বুলি কৰ্তৃপক্ষই ছাত্ৰসমাজক প্রতিশ্রুতি প্ৰদান কৰে আৰু ইয়াৰ পাছতেই আন্দোলন প্ৰত্যাহাৰ কৰিছিল ছাত্ৰসমাজে। আৰু ইয়াৰ মাজতে শনিবাৰে প্ৰতিষ্ঠানখনৰ ডীনক নিলম্বন কৰে।

লগতে পঢ়ক :Silchar NIT student protest : প্রত্যাহাৰ কৰা হ’ল শিলচৰ এন আই টি ৰ ছাত্র আন্দোলন