Local, Vocal, Global

India Canada tensions : ভাৰত-কানাডাৰ বিবাদক লৈ আমি গভীৰভাৱে চিন্তিত – বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ছেপ্টেম্বৰ : কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে সোমবাৰে কানাডাত খালিস্তান টাইগাৰ ফ’ৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ আঁৰত ভাৰত চৰকাৰৰ হাত থকাৰ অভিযোগ উত্থাপন কৰে । সেই অভিযোগত কানাডাই সোমবাৰে এগৰাকী শীৰ্ষ ভাৰতীয় কূটনীতিবিদকো বহিষ্কাৰ কৰে(Khalistani Terrorist Sukhdool Singh Killed) । কানাডা খালিস্তান টাইগাৰ ফৰ্চৰ মুৰব্বী হৰ্দীপ সিং নিজ্জাৰৰ হত্য়াৰ লগত ভাৰত চৰকাৰ জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ পিছৰে পৰা ফাঁট মেলিছে ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্কৰ মাজত(India Canada tensions) ।

শুকুৰবাৰে এক সংবাদমেলত আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে কয় যে , “প্ৰধানমন্ত্ৰী ট্ৰুডোৱে ভাৰত চৰকাৰৰ ওপৰত উত্থাপন কৰা অভিযোগসমূহৰ বাবে আমি গভীৰভাৱে চিন্তিত ৷ আমাৰ দৃষ্টিকোণৰ পৰা কানাডাৰ তদন্ত আগবাঢ়ি যোৱাটো অতি গুৰুত্বপূৰ্ণ’’ ।

এই অভিযোগটো উদ্বিগ্ন আৰু অট’ৱাৰ তদন্ত (Ottawa investigation proceeds) আগবাঢ়ি যোৱাটো অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে ।

উল্লেখ্য যে, ১৮ জুনত ব্ৰিটিছ কলম্বিয়াত খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰক হত্যা কৰা ঘটনাত ভাৰতীয় এজেণ্ট জড়িত থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিছতে ভাৰত আৰু কানাডাৰ মাজত উত্তেজনাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

বৃহস্পতিবাৰে আমেৰিকাই নিজ্জাৰ হত্যাকাণ্ডত ভাৰত জড়িত থকাৰ অভিযোগৰ তদন্তৰ প্ৰচেষ্টাক সমৰ্থন কৰা বুলি কোৱাৰ পিছতে আমেৰিকাই কয় যে এনেধৰণৰ কাৰ্যকলাপৰ বাবে কোনো দেশেই কোনো ধৰণৰ বিশেষ ৰেহাই লাভ কৰিব নোৱাৰে । কানাডাই এতিয়াও নিজৰ দাবীৰ সমৰ্থনত কোনো ৰাজহুৱা প্ৰমাণ প্ৰদান কৰা নাই যদিও কানাডা চৰকাৰৰ সূত্ৰৰ উদ্ধৃতি দি সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে অট’ৱাৰ অভিযোগ মানৱ আৰু সংকেত চোৰাংচোৱা (Human and signals intelligence) আৰু Five Eye intelligence network ৰ পৰা পোৱা তথ্য দুয়োটাৰে ওপৰত ভিত্তি কৰি কৰা হৈছে ।

Five Eye intelligence network হৈছে আমেৰিকা, যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, কানাডা আৰু নিউজিলেণ্ডক লৈ গঠিত এক চোৰাংচোৱা মিত্ৰজোঁট ।

কানাডাৰ ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যনৰ এটা বিভাগ, CBC News এ বৃহস্পতিবাৰে সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা তথ্য অনুসৰি, শিখ লোকজনৰ মৃত্যুৰ কেইবামাহো ধৰি চলি থকা তদন্তত কানাডা চৰকাৰে মানৱ আৰু সংকেত দুয়োটা চোৰাংচোৱা তথ্য সংগ্ৰহ কৰিছে ৷ সেই চোৰাংচোৱা তথ্যত কানাডাত উপস্থিত ভাৰতীয় কূটনীতিবিদকে ধৰি ভাৰতীয় বিষয়াসকলৰ সৈতে জড়িত যোগাযোগো অন্তৰ্ভুক্ত বুলি কানাডা চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ।

প্ৰধানমন্ত্ৰী ট্ৰুডোৱে বৃহস্পতিবাৰে কয় যে কানাডাই ভাৰতৰ সৈতে উদ্দীপিত বা সমস্যা সৃষ্টি কৰিব বিচৰা নাই ৷ কাৰণ তেওঁ নতুন দিল্লীক বিষয়টোক অতি গুৰুত্বসহকাৰে ল’বলৈ আৰু অট’ৱাৰ সৈতে সত্য উন্মোচন কৰিবলৈ কাম কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক :Khalistani Terrorist Sukhdool Singh Killed : পোহৰলৈ আহিছে আন এজন শিখ নেতাক হত্যা কৰাৰ তথ্য