Local, Vocal, Global

19th Asian Games Controversy : ভাৰত আৰু চীনৰ মাজত কূটনৈতিক মতবিৰোধে গা কৰি উঠিছে

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ছেপ্টেম্বৰ : ভাৰত আৰু চীনৰ মাজত কূটনৈতিক মতবিৰোধে গা কৰি উঠিছে । চীনত অনুষ্ঠিতব্য ১৯ সংখ্যক এছিয়ান গেমছক লৈ ভাৰত আৰু চীনৰ মাজত কূটনৈতিক মতবিৰোধে গা কৰি উঠিছে(19th Asian Games Controversy) ।

উল্লেখ্য যে, এইবাৰ চীনৰ হাংঝৌত ১৯ সংখ্যক এছিয়ান গেমছ আয়োজন কৰা হৈছে । ভাৰতীয় ৱুচু দলৰ হৈ অৰুণাচল প্ৰদেশৰ কেইগৰাকীমান খেলুৱৈয়ে তাত অংশগ্ৰহণ কৰিবলৈ যাব বিচাৰিছিল । কিন্তু চীনে কুটিল ৰাজনীতিৰ আশ্ৰয় লৈ এই খেলুৱৈসকলক ভিছা প্ৰদান কৰা নাছিল । তাৰ পিছতেই দুয়ো দেশৰ মাজৰ কূটনৈতিক সম্পৰ্ক জটিল হৈ পৰিছে(Sports Minister cancels China visit for Asian Games over visa denial to Arunachal athletes) ।

কেইগৰাকীমান অৰুণাচলৰ ভাৰতীয় এথলিটক চীনত প্ৰৱেশৰ ভিছা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে চীনে । চীনৰ এই বিষয়টোক লৈ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । লগতে বিভিন্ন ক্ষেত্ৰত হৈছে ইয়াৰ প্ৰতিবাদ ।

চীনৰ এই বিষয়টোক লৈ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু চীন চৰকাৰ তথা এছিয়ান গেমছ কৰ্তৃপক্ষক তীব্ৰ সমালোচনা কৰে । আনহাতে, এই বিষয়টো আন্তৰাষ্ট্ৰীয় মঞ্চতো উত্থাপন কৰাৰ কথা উল্লেখ কৰিছে ।

ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ আৰু ই সদায় তেনেকৈয়ে থাকিব ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ গৰাকীয়ে কয় যে, ভাৰতে চীনৰ যিকোনো ধৰণৰ বৈষম্যৰ বিৰোধিতা কৰে, সেয়া জাতিগত হওক বা ভৌগোলিক যি ভিত্তিতে হওক । ভাৰতে চীনৰ সন্মুখত ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ।

ভাৰতে কয় যে চীনে এনে ধৰণৰ কাম কৰি এছিয়ান গেমছৰ আত্মাক গভীৰভাৱে আক্ৰমণ কৰিছে । কিয়নো ইয়াত স্পষ্টভাৱে উল্লেখ আছে যে খেলৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্য কৰা নহ’ব ।

আনহাতে, চীনৰ এই কাৰ্যৰ প্ৰতিবাদত ভাৰতৰ ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে চীন ভ্ৰমণ বাতিল কৰিছে(India protest on China denying wushu players Minister cancels visit) । ভাৰতৰ ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে এছিয়ান গেমছ কাৰ্যসূচীত উপস্থিত থকাৰ কথা আছিল । ইয়াৰ ব্যাখ্যা কৰি বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰজনে কয় যে ভাৰতৰ নিজৰ স্বাৰ্থ সুৰক্ষিত কৰি সিদ্ধান্ত লোৱাৰ সকলো অধিকাৰ আছে(Sports Minister Anurag Thakur cancels Hangzhou trip as China bars 3 Arunachal Pradesh athletes from Asian) ।

বাগচীয়ে লগতে কয় যে এয়া খেলৰ আত্মা আৰু ইয়াৰ আচৰণৰ স্পষ্ট উলংঘন । ভাৰত চৰকাৰে জানিব পাৰিছে যে চীনা কৰ্তৃপক্ষই ইয়াৰ জৰিয়তে নিৰ্বাচিত ভাৰতীয় খেলুৱৈসকলক লক্ষ্য কৰি লৈছে ।

লগতে পঢ়ক :Women reservation bill : বুধবাৰে লোকসভাত মহিলা সংৰক্ষণ বিধেয়কৰ খচৰা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য