Local, Vocal, Global

চিলাপথাৰত বিহু নাচ, ঢোল-পেঁপা কৰ্মশালাৰ সফল সামৰণি

ডিজিটেল ডেস্ক:- অসমীয়াৰ বাপতি সাহোন চেনেহৰ ৰঙালী বিহুলৈ মাজত মাথো এটা দিন বাকী৷ সমগ্র ৰাজ্যতে এতিয়া বহাগক আদৰাৰ ব্যাপক প্ৰস্তুতি। সমান্তৰালভাৱে চিলাপথাৰতো ঢোল , পেপাৰ লহৰত জাকে-জাকে নাচনীয়ে ভাঙিছে খামুচীয়া ককাল। ২০০ গৰাকী বিহু নাচ, ঢোল-পেঁপা কৰ্মশালাত DID Little Master তৃতীয় স্হান দখল কৰা কণমানি ছোৱালী অধ্যাশ্ৰী উপাধ্যায় অংশগ্ৰহণ কৰে ৷

চিলাপথাৰৰ খনামূখ যুৱক সংঘৰ প্ৰাংগণত চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত অনুষ্ঠিত হোৱা ১২ দিনীয়া
বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ সামৰণী অনুষ্ঠানত কণ কণ বিহুৱা- বিহুৱতীক মানপত্ৰ প্ৰদান কৰে ৷ বিহু নাচ কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক নিলাক্ষী বুঢ়াগোহাঁই আৰু ঢোল বাদনৰ মুখ্য প্ৰশিক্ষক দীপক গগৈক এখন জাপি,বঁটা আৰু মানপত্ৰ প্ৰদান কৰে ৷ সামৰণী অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্হাৰ বিষয়ববীয়া, সমাজকৰ্মী , অভিভাৱক উপস্থিত থাকে ৷