Local, Vocal, Global

ভাত খুৱালে, লগতে ছাত্ৰ-ছাত্ৰীৰ মুখৰ ভাতো কাঢ়িলে ৰাজ্য চৰকাৰে

ডিজিটেল ডেস্ক:- পুঁজি নাই নে সদিচ্ছা নাই ? ৭ হেজাৰ ভেঞ্চাৰ স্কুলৰ স্বীকৃতি বাতিল…বিহুলৈ মাজত মাথো দুটা দিন । সৰুসজাই খেলপথাৰত ১১ হেজাৰ নাচনীয়ে একেলগে বিহুনৃত্যৰ অনুশীলন কৰি থকা ভিডিঅ’-আলোকচিত্ৰই ইতিমধ্যে সামাজিক মাধ্যমত স্থান লাভ কৰিছে । ৰাজ্যৰ চৌদিশে এক নতুন উচাহ দেখা গৈছে । বাপতিসাহোন বিহুটি গিনীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰাতো নিশ্চয়কৈ চৰকাৰৰ এক প্ৰশংসনীয় পদক্ষেপ । বিহুৰ আনুষ্ঠানিকতাৰ পৰা পুনৰ এবাৰ আতৰি সমগ্ৰ ৰাজ্যবাসীক প্ৰকৃত ৰূপ দেখুৱাবলৈ সাজু হৈ উঠিছে ৰাজ্য চৰকাৰ । এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্যৰ সংবাদ মাধ্যমসমূহত দেখা গৈছে বাতৰিৰ পয়োভৰ ।

কিন্তু তাৰ মাজতেই তল পৰি গ’ল আন এক বাতৰি ।

৭ সহস্ৰাধিক ভেঞ্চাৰ স্কুলৰ স্বীকৃতি বাতিল কৰিলে চৰকাৰে । ইউ ডাইচৰ স্বীকৃতিপ্ৰাপ্ত, চৰকাৰী সাহায্যপ্ৰাপ্ত শ্ৰেণীৰ পৰা সকলো ভেঞ্চাৰ স্কুলক আঁতৰোৱাৰ সিদ্ধান্ত চৰকাৰৰ । আনকি এপ্ৰিলৰ পৰা ভেঞ্চাৰ বিদ্যালয়সমূহলৈ মধ্যাহ্ন ভোজন বন্ধৰ নিৰ্দেশ । দীৰ্ঘদিনীয়া আন্দোলনত চেচাপানী ঢালি অসাৰ হ’ব প্ৰাদেশিকৰণৰ দাবী । ইয়াৰ লগে লগে ভেঞ্চাৰ স্কুলসমূহ পৰিণত হ’ব একোখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈহে । বিগত ৬ এপ্ৰিলত জাৰী কৰা হৈছে এই নিৰ্দেশনা ।

ৰাজ্যৰ শিক্ষা বিভাগৰ তথ্য অনুসৰি ৰাজ্যত আছে প্ৰায় ৭৬৭০ খন ভেঞ্চাৰ স্কুল, ঠিক একেদৰেই মুঠ শিক্ষকৰ সংখ্যা হৈছে ২৯,৫০৭ জন । এতিয়া এইসকল শিক্ষকৰ ভৱিষ্যত সন্দৰ্ভে কি সিদ্ধান্ত ল’ব ৰাজ্য চৰকাৰে সেইয়া হ’ব লক্ষণীয় ।

কিন্তু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে পোন প্ৰথমেই ল’ব পাৰিলে হয় আন কেইটামান সিদ্ধান্তহে । ভেঞ্চাৰ স্কুল সমূহক কমেও তিনিমাহ পূৰ্বেই এই জাননী জাৰী কৰিলে শিক্ষকসকলে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিলে হয় ব্যক্তিগত স্তৰত । আনহাতে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত অক্ষয় পাত্ৰৰ দৰে কোনো ফাউণ্ডেছনৰ অধীনত লৈ আনিব পৰা গ’ল হয় যদিহে চৰকাৰৰ হাতত মধ্যাহ্ন ভোজনৰ বাবে পুঁজি মজুত নাই । কেৱল সেয়াই নহয় যদি উপযুক্ত বিষয় ববীয়াক দায়িত্ব দিব পৰা যায় তেন্তে পি এম কেয়াৰ ফাণ্ড জাতীয় এক ব্যৱস্থাও অসমত প্ৰৱৰ্তন কৰিব পৰা যায়

কিন্তু এই খিনিতে সকলোতকৈ ডাঙৰ প্ৰশ্নটো হৈছে চৰকাৰৰ পুঁজিৰ অভাৱ নে সদিচ্ছাৰ ?