Local, Vocal, Global

চিলাপথাৰত মিচিং জনগোষ্ঠীৰ দলে বংশই ৰূপালী জয়ন্তী সমাৰোহ পালন

অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী হৈছে মিচিং আৰু মিচিং জনগোষ্ঠীৰ ভিতৰত দলে বংশই আতাইতকৈ অগ্ৰজ আৰু সংখ্যাত বেছি৷ কিন্ত তাহানিৰ দিনতেই চুতীয়া আৰু আহোম সকলৰ সংস্পৰ্শলৈ আহি দলে বংশৰ মাজত চৰিত্ৰ আৰু পদবী লোৱাত উপাদি বিলুপ্ত হ’ব ধৰাত পুনৰ একত্ৰিত কৰি তোলাৰ লক্ষ্যৰে পাতিৰি দলে বংশই ২৫ বছৰ ধৰি বংশৰ কাম কৰি আহিছে।

অসম অৰুনাচল প্ৰদেশত সিঁচৰিত হৈ থকা পাতিৰি দলে বংশই ধেমাজি জিলাৰ বগীবিল কাৰেং চাপৰিত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ পাতিৰি দলে বংশৰ কেন্দ্ৰীয় সমিতিৰ চতুৰ্থ এি-বাৰ্ষিক সাধাৰণ অধিৱেশন আৰু ৰূপালী জয়ন্তী সমাৰোহৰ আজি সফল সামৰণি পৰে৷

ৰূপালী জয়ন্তী সমাৰোহৰ মুকলি সভাত “ টাকাম পাতিৰি দলে বংশাৱলী গ্ৰন্থ” আৰু “নুগানু” নামৰ আলোচনী এই দুখন গ্ৰন্থ উন্মোচন কৰে ৰাজ্যিক পশু চিকিৎসক ডা° ঘনকান্ত পাতিৰি দলে আৰু জীৱন চন্দ্ৰ পাতিৰি দলে৷

যিহেতু আহোম আৰু চুতীয়া বংশৰ দৰে দলে বংশৰ বহু পৈদ আছে ৷ অধিৱেশনৰ প্ৰতিনিধি সভাত পাতিৰি দলে, লেদাং দলে, লেতুম দলেকে ধৰি ২২ টা দলে পৈদৰ একতাৰ এনাজৰী শক্তিশালী কৰাৰ, পাতিৰি দলে বংশৰ শিক্ষা আৰু সংস্কৃতিৰ উত্তৰণ লগতে মিচিং অধ্যুষিত গ্ৰামাঞ্চলত শিক্ষা , জীৱন জীৱিকা, সামাজিক আৰু শৈক্ষিক পৰিৱেশ ওপৰত গুৰুত্বৰ আলোচনা কৰে৷