Local, Vocal, Global

ৰমজানৰ মাহতে নামাজ আদায় কৰি থকা লোকক মছজিদত ভিতৰত আক্ৰমণ…

ডিজিটেল ডেস্ক:- হাৰিয়ানাৰ চনিপত জিলাত এটা মছজিদত ভয়ংকৰ ঘটনা সংঘটিত হৈছে।মছজিদত নামাজ আদায় কৰি থাকোতে উদণ্ড যুৱকৰ আক্ৰমণ নামাজ কৰি থকা লোকক । মছজিদত নামাজ আদায় কৰি থকাৰ সময়তে ১৫-৩০ জনীয় এটা উদণ্ড যুৱকৰ দলে সশস্ত্ৰ লৈ প্ৰহাৰ কৰে নামাজ আদায় কৰি থকা লোকসকলক ।
এই আক্ৰমণত তিনিগৰাকী মহিলাসহ ন জন লোক আহত হয়।আৰু আক্ৰমণৰ ফলত মছজিদত আচবাবো লণ্ড-ভণ্ড হয়।

জানিব পৰা মতে, ইয়াত মুছলমান সম্প্ৰদায়ে লোকসকলে গাওঁখনত প্ৰাৰ্থনা কৰিবলৈ এটা সৰু মছজিদ নিৰ্মাণ কৰিছে। অভিযোগ কৰা হৈছে যে ১৫ ৰ পৰা ২০ জন সশস্ত্ৰ মানুহে নিশা পলমকৈ প্ৰাৰ্থনা কৰি থকা লোকসকলক আক্ৰমণ কৰিছিল। আক্ৰমণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।ঘটনাৰ খবৰ পোৱাৰ লগে লগে চনিপতৰ বাদি ঔদ্যোগিক এলেকা আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক চনিপত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে এই সন্দৰ্ভ তদন্ত কৰি আছে। আৰক্ষী বিষয়াসকলৰ মতে,১৯ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আনহাতে, এই ঘটনাৰ পিছতে চেণ্ডেল কলন গাঁৱত উত্তেজনাৰ পৰিৱেশ সৃষ্টি হৈছে। গাওঁখনত আৰক্ষী মোতায়েন কৰা হৈছে। আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

মছজিদৰ ইমান গৰাকীৰ মতে,উদণ্ড যুৱকৰ দলটোৱে বিনা কাৰণতেই আক্ৰমণ কৰিছিল।