Local, Vocal, Global

দিল্লীত নৃশংস হত্যাকাণ্ড! এগৰাকী গৰ্ভৱতী মহিলাক গুলিয়াই হত্যা…

ডিজিটেল ডেস্ক:- দিল্লীত নৃশংস হত্যাকাণ্ড।এগৰাকী গৰ্ভৱতী মহিলাক গুলিয়াই হত্যা কৰে চুবুৰীয়াই।জানিব পৰা মতে,উচ্চ স্বৰত ডিজে বজোৱাৰ বিৰোধীতা কৰাৰ বাবেই গৰ্ভৱতী মহিলা গৰাকীক গুলিয়াই হত্যা কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়ে অনুসৰি, এগৰাকী ৩০ বছৰীয়া গৰ্ভৱতী মহিলাক তেওঁৰ ঘৰত ওচৰৰ ডিজেৰ দ্বাৰা উচ্চ স্বৰত সংগীত বজোৱাত আপত্তি কৰাৰ পিছত তেওঁৰ চুবুৰীয়াই গুলীয়াই। আৰক্ষীয়ে কয় যে আঠ মাহৰ গৰ্ভৱতী মহিলাগৰাকীৰ ডিঙিত আঘাত পায় আৰু অৱশেষত চিকিৎসাৰ ভৰ্তি কৰোৱা হয়।ঘটনা সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।মৃত মহিলাগৰাকী ৰঞ্জু বুলি জানিব পৰা গৈছে।মহিলাগৰাকী আঠ মাহৰ গৰ্ভৱতী আছিল।আৰক্ষীয়ে দিয়া তথ্য অনুসৰি ২ এপ্ৰিলৰ নিশা মহিলা গৰাকীৰ চুবুৰীয়া এঘৰত উচ্চ স্বৰত ডিজে বজাই আছিলে যাৰ বাবে মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে ডিজেটো বন্ধ কৰিবলৈ কৈছিলে।সেই কথাটোতে প্ৰতিবেশী হৰিশে মহিলীগৰাকীক ডিঙিত গুলীয়াই দিয়ে।
ৰঞ্জু নামৰ মহিলাগৰাকীক শালিমাৰ বাগৰ মেক্স চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল। “চিকিৎসালয়ত, ভুক্তভোগীৰ এমএলচি কৰা হৈছিল য’ত চিকিৎসকে কৈছিল যে তাইৰ ডিঙিত বন্দুকৰ গুলীত আঘাত পাইছিল । সংকটজনক অৱস্থাত মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মহিলাগৰাকীৰ।

আইপিচি ধাৰা ৩০৭ অধীনত গোচৰ ৰুজু হয় আৰু হৰিশ আৰু অমিত নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, হৰিশে এটা কুৰিয়াৰ কোম্পানীত কাম কৰে আনহাতে অমিতৰ অঞ্চলটোত এটা মোবাইল মেৰামতিৰ দোকান কাম কৰে।