Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ মৃত্যুক লৈ চাৰি আৰক্ষী বিষয়াক হেডকোৱাৰ্টাৰ ক্ল’জ
নগাঁও, 20 মে’: নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হোৱা বিতৰ্কত সাঙোৰ খাই পৰিছে নগাঁও আৰু লক্ষিমপুৰ জিলাৰ চাৰিগৰাকীকৈ আৰক্ষী বিষয়া (Junmoni Rabha mysterious death) । ইতিমধ্যে এই চাৰিওগৰাকী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীৰ শীৰ্ষ মহলে। অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিঙৰ স্বাক্ষৰিত এক নিৰ্দেশনা অনুযায়ী শুকুৰবাৰে নগাঁৱৰ দুগৰাকী আৰু লখিমপুৰৰ দুগৰাকী আৰক্ষী বিষয়াক অসম আৰক্ষীৰ উলুবাৰীস্তিত মুখ্য কাৰ্যালয়লৈ ক্ল’জ কৰা হৈছে (Police officials closed to HQ)।
নিৰ্দেশ অনুযায়ী নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী, নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, উত্তৰ লখিমপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতা আৰু নাওবৈছা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ ক্ল’জ কৰা হৈছে ।
উল্লেখ্য যে, লক্ষীমপুৰ জিলাৰ এটা বিশেষ অঞ্চলৰ পৰা নকল সোণ আৰু জাল নোটৰ এক বৃহৎ চক্ৰ সক্ৰিয় হৈ থকাৰ তথ্য লাভ কৰিছিল নগাঁও আৰক্ষীৰ এছ আই জোনমণি ৰাভাই (Nexus of fake gold and fake notes) । ইয়াৰ পিছতে জোনমণি ৰাভাই যোৱা ৬ মে’ত লখিমপুৰলৈ গৈ নকল সোণৰ ব্যৱসায় আৰু এই অসাধু চক্ৰটোৰ বিৰুদ্ধে চলাইছিল এক অভিযান । পৰৱৰ্তী সময়ত উত্থাপন হৈছিল দুয়োপক্ষৰ মাজত ধনৰ লেনদেন হোৱাৰো বিস্ফোৰক অভিযোগ (Fake gold nexus in Assam)।
কিন্তু তাৰ পাছতেই এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক এক পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছতে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য । ইতিমধ্যে বিষয়টোক লৈ অসম আৰক্ষীৰ অনুসন্ধান শাখাই তদন্ত অব্যাহত ৰাখিছে । তাৰ মাজতেই শুকুৰবাৰে লখিমপুৰৰ দুজন আৰু নগাঁৱৰ দুজন বিষয়াক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ ক্ল’জ কৰা হৈছে ।
ইফালে, এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে তাৎক্ষণিকভাৱে বদলি কৰা হৈছে লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগক । শেহতীয়াকৈ ASP ৰুণা নেওগ আৰু বহু বিস্ফোৰক তথ্যৰে জোনমণি ৰাভাৰ মৃত্যুক হত্যাকাণ্ড বুলি দাবী কৰা হাছিনা বেগমৰ মাজত কেইদিনমান পূৰ্বে হোৱা বাৰ্তালাপৰ এটা ফোন ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি আৰক্ষীৰ এক বিশেষ সূত্ৰে জানিব পৰা গৈছে ।
লগতে পঢ়ক : Postmortem report reveals: জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষা কৰি কি পালে চিকিৎসকে ?