Local, Vocal, Global

অসম পালেহি SI কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড পি.কে. দত্ত

লোভে পাপ পাপে মৃত্যু। অৱশেষত আৰক্ষীৰ জালত পৰিল দুৰ্নীতিৰ সদাগৰ পি.কে. দত্ত। নিশা ৩.৩০ বজাত পি.কে দত্তক লৈ অভিযানকাৰী অসম আৰক্ষীৰ বিশেষ দলে গুৱাহাটীস্থিত চিআইডি কাৰ্যালয়ত উপস্থিত হয়।

উল্লেখ্য যে কঠোৰ নিৰাপত্তাৰ মাজেৰে শিলিগুৰিৰ পৰা অসমলৈ অনা হয় ৰাজ্য কঁপোৱা SI প্ৰশ্নকাকত কেলেংকাৰিৰ মুল মাষ্টাৰমাইণ্ড পি.কে.দত্ত। অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি.পি সিঙে চিৰাংত কোকৰাঝাৰ আৰক্ষীৰ পৰা চমজি লয়। আৰু  ১বাজি ১৫ মিনিটত চিৰাঙৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হয় পি.কে দত্তক সহিতে অসম আৰক্ষীৰ বিশেষ দলটি। মঙলবাৰে নিশা নেপালৰ কাকভিটাৰ পৰা গ্ৰেপ্তাৰ কৰা পি.কে দত্তক চিৰাঙত প্ৰায় ১ ঘন্টা জেৰা চলাই।

আজি খলনায়ক পি.কে দত্তক চলাব মাৰাথন জেৰা। CID আৰু অনুসন্ধানকাৰী দলে পৃথকে-পৃথকে জেৰা চলাব পি.কে. দত্ত।