প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্তত দীঘলীয়া হৈছে অভিযুক্তৰ তালিকা

সময় যিমানে অতিবাহিত হৈছে সিমানে অধিক ক্ষিপ্ৰৰ হৈছে ৰাজ্য কঁপোৱা SI প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ তদন্ত। প্ৰতি দিনে উন্মোচিত হৈছে ন-ন তথ্য, আৰক্ষীৰ জালত নতুন-নতুন লোক, দীঘলীয়া হৈছে অভিযুক্ত লোকৰ নামৰ তালিকা। লগতে পোহৰলৈ আহিছে ন-ন তথ্য।
লক্ষ্যণীয় ভাৱে SI প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ হটস্পটত পৰিণত হৈছে নলবাৰী। নলবাৰীৰ পৰা আটক হৈছে এজনৰ পিছত আনজন অভিযুক্ত। বৰ্তমানলৈ নলবাৰীৰ পৰা আটক ৫জনকৈ অভিযুক্ত যুৱক। নলবাৰীৰ পৰা আটক কৰা যুৱক কেইজন ক্ৰমে সঞ্জীৱ বৰ্মন, মৃদুল বৰ্মন, পাৰ্থ প্ৰতিম বৰ্মন আৰু হৰকত আলী। নলবাৰী আৰক্ষীয়ে কমলপুৰৰ আৰক্ষীৰ সৈতে যুটীয়া অভিযান চলাই কমলপুৰৰ পৰা আটক কৰে ধ্ৰৱজ্যোতি বৰুৱা নামৰ আন এজন যুৱকক। আটাইকেইজন যুৱকে Thank You Lodgeত ১৯ ছেপ্তম্বৰৰ নিশা অনুষ্ঠিত হোৱা পৰীক্ষাৰ আখৰাত অংশগ্ৰহণ কৰিছিল।
উল্লেখ্য যে SI প্ৰশ্ন কাকত ফাদিলৰ অন্যতম অভিযুক্ত দ্বিবন ডেকাৰ প্ৰকৃত ঘৰ নলবাৰীত। ইতিমধ্যে নলবাৰী আৰক্ষীয়ে দ্বিবন ডেকাৰ সোহাত স্বৰূপ কুমুদ গোস্বামীৰ বিচাৰি অভিযান আৰম্ভ কৰিছে। কুমুদ গোস্বামী আৰু কুলদ্বীপ ৰাজবংশীয়ে নলবাৰীত মেলি দিছিল চাকৰিৰ বজাৰ।
আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ দলে শনিবাৰে তিনিচুকীয়াৰ পৰাই আটক কৰিছে পি কে দত্তৰ হোটেল ভাৰ্গৱৰ একাউন্টেন জয়দেৱ বৰুৱাক। পি কে দত্তৰ সমান্তৰালকৈ জয়দেৱ বৰুৱাৰো আছিল সম্পতিৰ পাহাৰ। আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ দলে আজি কুৱেৰ পি কে দত্তৰ ৫ বস্তা টকাৰ সন্ধানত আৰম্ভ কৰিছে অভিযান।
ইতিমধ্যে আৰক্ষীয়ে সম্ভেদ লাভ কৰিছে ‘MOST WANTED’ পলাতক পি কে দত্তৰ। আৰক্ষীৰ প্ৰাৰম্ভিক সম্ভেদ অনুযায়ী নেপালত আত্মগোপন কৰি আছে পলাতক পি কে দত্ত। অসম আৰক্ষীয়ে ইতিমধ্যে বৈদেশিক মন্ত্ৰ্যালয়ৰ সৈতে স্থাপন কৰিছে যোগাযোগ। আৰু SI প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ মূল অভিযুক্ত পি কে দত্ত গ্ৰেপ্তাৰৰ বাবে অধিক ক্ষিপ্ৰতাৰে আগবাঢ়িছে। উল্লেখ্য যে পি কে দত্তৰ জীয়ৰীৰ ঘৰ নেপালত আৰু জীয়ৰীৰ ঘৰতে আত্মগোপন কৰা বুলি সন্দেহ অভিযানকাৰী অসম আৰু ক্ৰাইম ব্ৰাঞ্চৰ ।