Local, Vocal, Global

Show cause notice issued for Tripura BJP MLA : নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ বিজেপি বিধায়কৰ বিৰুদ্ধে

নেশ্যনেল ডেস্ক,২৯এপ্ৰিল : নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ বিজেপি বিধায়কৰ বিৰুদ্ধে । উত্তৰ ত্ৰিপুৰা জিলাৰ সহকাৰী ৰিটাৰ্নিং বিষয়াই উত্থাপন কৰিছে এই অভিযোগ । বিজেপিৰ বিধায়ক যাদৱ লাল নাথৰ বিৰুদ্ধে এই অভিযোগ(Show cause notice issued for Tripura BJP MLA) ।

বিজেপিৰ বিধায়ক যাদৱ লাল নাথক নিৰ্বাচনৰ দিনটোতেই নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰি কাৰণ দেখুওৱাৰ জাননী জাৰি কৰিছে সহকাৰী ৰিটাৰ্নিং বিষয়াগৰাকীয়ে ।

জানিব পৰা মতে, উত্তৰ ত্ৰিপুৰা জিলাৰ অন্তৰ্গত বাগবাছা বিধানসভা সমষ্টিৰ বিধায়ক যাদৱ লাল নাথ ।২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত বিজেপি বিধায়কগৰাকীয়ে ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰি ভোটাৰৰ হেল্প ডেস্কৰ তত্বাৱধানৰ দায়িত্ব দিয়া বুথ লেভেল কৰ্মীজনৰ লগত অসৎ আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে । মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ৰ এক প্ৰেছ বিজ্ঞপ্তিতো এই ঘটনা বাগবাছাৰ ২২ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হৈছে বুলি উল্লেখ কৰিছে ।

এক ঘটনা সন্দৰ্ভত জাননীখন জাৰি কৰা হৈছে নাথৰ বিৰুদ্ধে(Show cause notice issued for Tripura BJP MLA, FIR lodged against leader)।

লগতে পঢ়ক : Tragic Accidents in Nazira : তীব্ৰবেগী বাইকে মহতিয়াই নিলে পথচাৰীক; নিহত এজন,আহত বাইক আৰোহী