Local, Vocal, Global

অসম-মিজোৰাম সীমান্তত ভয়ংকৰ ঘটনা !

ডিজিটেল ডেস্ক:-এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে অসম-মিজোৰাম সীমান্তত।অসম-মিজোৰাম সীমান্তত সংঘটিত হৈছে গুলীচালনা ঘটনা। ৫ মাৰ্চ দেওবাৰে সংঘটিত হয় এই কৰুণ হত্যাকাণ্ডৰ ঘটনা।শেহতীয়াকৈ পোহৰলৈ আহিছে এই তথ্য।

ঘটনাৰ সময়ত অভিযুক্ত আৰক্ষীগৰাকীয়ে অধিমাত্ৰাত মদ্যপান কৰি আছিল বুলি জানিব পৰা গৈছে।মিজো আৰক্ষীৰ জোৱানৰ গুলীত প্ৰাণ গ’ল দুই সতীৰ্থৰ।নিহত আৰক্ষী দুজন হাবিলদাৰ ইন্দ্ৰ কুমাৰ আৰু হাবিলদাৰ জে লালৰোহলুৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে,এই আটাইকেইজনেই ২নং বেটেলিয়ন মিজোৰাম সশস্ত্ৰ আৰক্ষীৰ অন্তৰ্গত আৰু বৰ্তমান মিজোৰাম পক্ষৰ অসম-মিজোৰাম সীমান্তৰ বুৰচেপ এলেকাত কৰ্মৰত হৈ আছিল।

উল্লেখ্য যে, এজন আৰক্ষী থিতাতে নিহত হয় আৰু আন এজন চিকিৎসালয়লৈ লৈ যোৱাৰ পথত মৃত্যু হয়।ঘটনা সংঘটিত কৰা হাবিলদাৰ বিমলকান্তি চাকমাক আটক কৰি অধিক তদন্তৰ বাবে আইজেললৈ প্ৰেৰণ কৰা হয়।এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।