Local, Vocal, Global

নৰসিংহৰ আছে বহুতো উপকাৰী গুণাগুণ,আজি আমি আপোনাক নৰসিংহৰ উপকাৰিতাৰ বিষয়ে কম…

ডিজিটেল ডেস্ক:-জননীৰ বুকুত থকা প্ৰকৃতিৰ সৌন্দৰ্য অনন্য। ইয়াক আমি নুই কৰিব নোৱাৰোঁ।এই প্ৰকৃতিৰ বুকুতে থকা কিছুমান উদ্ভিদ আছে যাৰ ঔষধী গুণে আমাৰ দেহ সুস্থ কৰি ৰাখে।আজি আমি তেনে এবিধ উদ্ভিদৰ বিষয়ে কবলৈ গৈ আছোঁ যাৰ নাম নৰসিংহ।
নৰসিংহ অসমৰ লোকৰ অতি পৰিচিত। অৱশ্য অসম বুলিয়েই নহয়, উত্তৰ পূৰ্বাঞ্চল, দাক্ষিণাত্য আৰু শ্ৰীলংকাকে আদি কৰি কিছু দেশতো বাৰুকৈ পৰিচিত নৰসিংহ।কিন্তু আপুনি ইয়াৰ সঠিক ব্যৱহাৰ আৰু ইয়াৰ উপকাৰিতা সমূহ জানো নে?
নৰসিংহ এবিধ পুষ্টিকাৰক উদ্ভিদ হোৱাৰ লগতে প্ৰকৃতাৰ্থত এজোপা ঔষধি গুণসম্পন্ন উল্লেখনীয় উদ্ভিদো।
নৰসিংহ পাতত যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ ভিটামিন A,ভিটামিন B,ভিটামিন C আৰু E থাকে।যাৰ বাবে এই পাত শিশুৰ বাবে বহু উপকাৰী।


কোৱা হয় যে নৰসিংহ পাতবোৰৰ হাইপোগ্লাইচেমিয়া(hypoglycemia )ক্ষমতা থাকে। এই গুণাগুনে শৰীৰত শৰ্কৰাৰ পৰিমান হ্ৰাস কৰাত সহায় কৰে। এই কাৰণে এইটো কব পাৰি যে নিয়মীয়া আহাৰত নৰসিংহ পাত ব্যৱহাৰে ডায়েবেটিচৰ বিপদাশঙ্কা হ্ৰাস কৰাত সহায় কৰে।
ইয়াৰ পাতৰ ৰসে অৰুচি আৰু বমি ভাৱ আঁতৰাই।
নৰসিংহৰ পাতৰ ৰসে তেজৰ পৰিমান বৃদ্ধি কৰে।
নৰসিংহ পাতে এনিমিয়া ৰোগ দুৰ কৰে।
মূৰৰ বিষৰ ক্ষেত্ৰত নৰসিংহ পাতৰ ব্যৱহাৰ উপকাৰী। আপুনি নৰসিংহ পাতৰ ফুল পিছি লৈ ইয়াক মূৰত প্ৰয়োগ কৰক। ই মূৰৰ বিষ নিৰাম়য় কৰে।

যদি আপোনাৰ উশাহৰ দুৰ্গন্ধৰ সমস্যা আছে, তেনেহলে ২-৪টা নৰসিংহৰ পাত ছবাওক, ই মুখৰ গোন্ধ দুৰ কৰে।
নৰসিংহ পাতৰ ৰস গাত সানিলে গাৰ খজুৱতিৰ উপসম পোৱা যায়।
কফৰ বিকৰ আঁতৰাবলৈ ৫-১০ মি.লি. নৰসিংহ পাতৰ ৰস উলিয়াই একে পৰিমাণৰ মৌ যোগ দি ইয়াক গ্ৰহণ কৰিলে ই কফৰ বিকাৰ নিৰাময় কৰে।
নৰসিংহই আমাৰ শৰীৰ টোক সংক্ৰমণৰ পৰা বচাই ৰাখে। নৰসিংহৰ পাত খাই থাকিলে কোনো ধৰণৰ ক্ষতি নহয়।
নৰসিংহই ছালত হোৱা সংক্ৰমণ দুৰ কৰে। আপুনি যদি পেষ্ট বনাই সংক্ৰমিত ঠাইত লগাই তেনেহলে আপুনি বহু পৰিমাণে উপকাৰ পাব।

নৰসিংহ চুলিৰ বাবেও যথেষ্ট উপকাৰী। নৰসিংহ পানীত উতলাই ঠাণ্ডা কৰি সেই পানী মূৰত সানিলে চুলি ধুনীয়া আৰু দীঘল হয়।
নৰসিংহ পাতে ডায়েৰিয়া ভাল কৰাত সহায় কৰে। আপুনি যদি নৰসিংহ পাতৰ ৰস খাই পেটচলা ৰোগ ভাল হব ।
নৰসিংহ পাতে আমাৰ লিভাৰ টোক সুৰক্ষা প্ৰদান কৰে। এই পাতে আপোনাৰ হেপেটাইটিছ ৰ নিচিনা ৰোগৰ পৰা বচাই ৰখাত সহায় কৰে।
নৰসিংহ পাতে চুলি আৰু নখৰ সৌন্দৰ্য বৃদ্ধি কৰাত সহায় কৰে।
জুয়ে পুৰিলে নৰসিংহ পাত থেতেলিয়াই পোৰা অংশত লগালে আৰাম পোৱা যায়।

নৰসিংহ পাতত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে আৰু ই হাড়,দাঁতৰ গঠনত সহায় কৰে।
নৰসিংহ পাত পিহি লগালে চুলি পকা আৰু সৰা সমস্যাৰ পৰা হাত সাৰিব পাৰি।
মূৰৰ বিষৰ ক্ষেত্ৰত নৰসিংহ পাতৰ ব্যৱহাৰ উপকাৰী। আপুনি নৰসিংহ পাতৰ ফুল পিছি লৈ ইয়াক মূৰত প্ৰয়োগ কৰিলে ই মূৰৰ বিষ নিৰাম়য় কৰে।
যদি আপোনাৰ উশাহৰ দুৰ্গন্ধৰ সমস্যা আছে, তেনেহলে ২-৪ পাত নৰসিংহৰ পাত ছবাওক, ই মুখৰ গোন্ধ দুৰ কৰে।
আশা কৰিছোঁ আপোনাৰ লোকে নৰসিংহ পাত ব্যৱহাৰ কৰি যথেষ্ট উপকাৰিতা পাব।