পাকিস্তানত আৰক্ষীৰ বাহনত বোমা বিস্ফোৰণ,৯ জন আৰক্ষী নিহত…

ডিজিটেল ডেস্ক:-বাতৰি অনুসৰি সোমবাৰ পাকিস্তানৰ বেলুচিস্তান ৰাজ্যত সংঘটিত হয় এক বোমা বিস্ফোৰণৰ ঘটনা।বিস্ফোৰণৰ ফলত ৯ জন আৰক্ষী নিহত হয় আৰু আন কেইবাজনো লোক আহত হয়।এখন আৰক্ষী ভানক বিস্ফোৰকৰ দ্বাৰা লক্ষ্য কৰা হয়।
এক প্ৰতিবেদন অনুসৰি, চিবি আৰু কাচ্চি সীমান্তৱৰ্তী বেলুচিস্তানৰ বোলান অঞ্চলৰ কাম্বাৰী দলঙত এই ঘটনা সংঘটিত হয়। বাতৰি অনুসৰি,বেলুচিস্তান কন্সটেবলীৰ সদস্যসকলে কৰ্তব্যৰ পৰা উভতি অহাৰ সময়তে এই বিস্ফোৰণটো সংঘটিত হয় আৰু আৰক্ষীয়ে যাত্ৰা কৰি থকা বাহনখন ওলোটাই পৰে।উল্লেখ্য যে, আত্মঘাতি বোমাৰুজনে মটৰচাইকেল চলাই আহিছিল আৰু পিছফালৰ পৰা ট্ৰাকখনত খুন্দা মাৰিছিল।আহতলোকসকলক চিকিৎসালৈ প্ৰেৰণ কৰা হৈছে।বৰ্তমান আক্ৰমণৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।