তাজমহলত প্ৰতিষ্ঠা কৰিব শিৱলীংগ ,তাজমহলক শিৱমন্দিৰ আখ্যা পৰমহংসচাৰ্য মহাৰাজৰ

নিউজ ডেস্ক,১ মে :-৫ মে’ত তাজমহলত প্ৰতিষ্ঠা কৰিব শিৱলীংগ। এগৰাকী হিন্দু ধৰ্মগুৰুৱে ৫ মে’ত তাজমহলত শিৱলীংগ স্থাপনৰ হুংকাৰ দিছে।
উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ছবানী অঞ্চলৰ জগতগুৰু পৰমহংসচাৰ্য মহাৰাজে এই হুংকাৰ প্ৰদান কৰিছে।
পৰমহংসচাৰ্য মহাৰাজে তেওঁৰ শিষ্যসকলক তাজমহলৰ পশ্চিম দুৱাৰত একত্ৰিত হ’বলৈও নিৰ্দেশ দিছে।
এইগৰাকী হিন্দু ধৰ্মগুৰুৱে ৫ মে’ত তাজমহলৰ পশ্চিম দুৱাৰত সনাতম ধৰ্মৰ উপাসনা কৰা সকলো সন্যাসীকে উপস্থিত হ’বলৈ আহ্বান জনাইছে।
জগতগুৰু পৰমহংসচাৰ্য মহাৰাজৰ এই হুংকাৰৰ পিছতে এতিয়া ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে। জানিব পৰা মতে ,শেহতীয়াকৈ জগতগুৰু পৰমহংসচাৰ্য মহাৰাজক তাজমহলত প্ৰৱেশ কৰাত বাধা দিয়া হৈছিল।
নিজৰ তিনিজন অনুগামী শিষ্যৰ সৈতে তেওঁ তাজমহলত উপস্থিত হোৱাৰ সময়ত নিৰাপত্তাৰক্ষীসকলে তেওঁক তাজমহলৰ চৌহদত প্ৰৱেশত বাধা প্ৰদান কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।
তাজমহলৰ সুৰক্ষা কৰ্মীসকলৰ বিৰুদ্ধে এইদৰে গুৰুতৰ অভিযোগ উত্থাপিত কৰি জগতগুৰু পৰমহংসচাৰ্যই তাজমহলত শিৱলীংগ স্থাপনৰ সিদ্ধান্ত লৈছে।
পৰমহংসচাৰ্যই জনোৱা মতে,তাজমহল পূৰ্বতে ‘তেজো মহল’হে আছিল। তেওঁ এই সম্পৰ্কত কয় যে, এইয়া তাজমহল নহয়। এইটো প্ৰকৃততে ভগৱান শিৱৰ মন্দিৰ। মোগলসকলে ইয়াক তাজমহল বুলি ক’বলৈ আৰম্ভ কৰিছিল। ই সম্পূৰ্ণ ভুল।
তাজমহলৰ সুৰক্ষাৰ দায়িত্বত থকা চি আৰ পি এফৰ জোৱানসকলে পুৰাতাত্ত্বিক জৰীপৰ বিষয়াৰ নিৰ্দেশত তেওঁলোকক তাজমহলত প্ৰৱেশত বাধা প্ৰদান কৰিছিল।
উল্লেখযোগ্য যে,এই সমগ্ৰ ঘটনা সন্দৰ্ভত পুৰাতত্ত্ববিদ ৰাজকুমাৰ পেটেলে সংবাদ মাধ্যমৰ আগত কৈছে যে, সন্ন্যাসীজনৰ লগত এটা মন্দিৰ আছিল। এই সৰু মন্দিৰটো দেখি নিৰাপত্তাৰক্ষীসকলে তেওঁলোকৰ পথ অৱৰোধ কৰিছিল।তাজমহলত প্ৰৱেশ কৰাৰ অনুমতি লাভ নকৰা এইগৰাকী জগতগুৰু পৰমহংসচাৰ্য মহাৰাজে তাজমহলত শিৱলীংগ স্থাপন কৰাৰ লগতে সকলো সনাতন ধৰ্মৰ উপাসকসকলক তাজমহলৰ চৌহদত উপস্থিত হ’বলৈ আহ্বান জনায়