Local, Vocal, Global

বিএছএফ ৰ সাফল্য, কাছাৰত ২০টা চোৰাং ম’হ জব্দ

নিউজ ডেস্ক,১ মে:-কাছাৰত বিএছএফে জব্দ কৰে ২০টা চোৰাং ম’হ বৰ্তমানে বৰাকত অব্যাহত আছে গৰু ম’হৰ চোৰাং ব্যৱসায় ৷

বিএছএফে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই শনিবাৰে নিশা কাটিগৰা সমষ্টিৰ গুমৰা বজাৰৰ পাইকানৰ পৰা ২০ টা চোৰাং ম’হ জব্দ কৰাৰ পিচত এই তথ্য পোহৰলৈ আহিছে ৷

বিএছএফৰ শিলচৰ চেক্টৰৰ এক নম্বৰ বেটেলিয়নৰ দল এটাই গোপন তথ্যৰ ভিত্তিত পাইকান গাৱত চোৰাং মহ’ৰ বিৰুদ্ধে অভিযান চলায় ৷

নিশা চোৰাং ভাবে বাংলাদেশলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে ম’হ কেইটা পাইকানত ৰখা হৈছিল বুলি সন্দেহ বিএছএফৰ ৷ জব্দ কৰা ম’হ কেইটাৰ ১৪ জনী মাইকী আৰু ৬টা মতা বুলি সদৰী কৰিছে বিএছএফে ।

পিচত জব্দ কৰা ম’হ কেইটা স্হানীয় গুমৰা আৰক্ষীক চমজাই দিয়া হয় ৷ জব্দকত ম’হ কেইটাৰ মুল্য ১৫ লাখ ২০ হাজাৰ টকা হব বুলি দাবী কৰিছে বিএছএফে ৷

বিএছএফৰ সুত্ৰটোৱে এই সংক্ৰান্তত বিএছএফে আৰক্ষী চকীত এখন এজেহাৰো দাখিল কৰিছে বুলি সদৰী কৰে ।